Breaking News

দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ চকা ঘুৰিল নগাঁও জিলাৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ



ডিজিটেল সংবাদ,কলিয়াবৰঃ দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ চকা ঘুৰিল নগাঁও জিলাৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ। কোভিড পৰিস্থিতিৰ লগতে কেঁচা মালৰ অভাৱ আৰু আৰ্থিক সংকটৰ বাবে যোৱা ১৩ মে’ৰ পৰা বন্ধ হৈ আছিল কলটোৰ উৎপাদন । যাৰ বাবে প্ৰায় এহেজাৰ শ্ৰমিক-কৰ্মচাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। সোমবাৰৰ পৰা দুটাকৈ চীফটত পুনৰ কলটোৰ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হোৱাত শ্ৰমিক-কৰ্মচাৰীৰ মনত আশাৰ সঞ্চাৰ হোৱা পৰিলক্ষিত হৈছে। বিগত ২০২০ আৰু ২০২১ বৰ্ষত  তিনিবাৰকৈ কলটো বন্ধ আৰু মুকলি হোৱা ঘটনা সংঘটিত হোৱাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল কলিয়াবৰত । 

কলটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে যোৱা ডিচেম্বৰ মাহত তদানীন্তন বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল যদিও শেহতীয়া বাজেটত এই পেকেজ ৮ কোটি টকালৈ হ্ৰাস কৰি অনুমোদন আগবঢ়াইছে । এই ৮ কোটি টকাৰ অনুদানৰ ওপৰত নিৰ্ভৰ কৰিয়েই যোৱা বুধবাৰৰ পৰা উৎপাদন প্ৰক্ৰিয়াৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে মৰাপাট ক্ৰয়ৰ কাম আৰম্ভ কৰি সোমবাৰৰ পৰা দৈনিক ১৬ ঘন্টাকৈ দুটাকৈ চীফটৰ জড়িয়তে আৰম্ভ কৰা হৈছে উৎপাদন কাৰ্য ।



কল পৰিচালনাৰ ত্ৰুটি-বিশ্ৰুটি সমূহ দূৰ নকৰিলে কলটো অনাগত দিনত কিমান দিনলৈ চলি থাকিব পাৰিব এই লৈ স্থানীয় ৰাইজৰ মাজত চৰ্চিত হৈ থকাৰ সমান্তৰালকৈ এইবাৰ  যথেষ্ট চিন্তা-চৰ্চা আৰু পূৰ্বতকৈয়ো কঠোৰ নিয়ম আৰু শৃংখলাৰ মাজেৰে কলটো পুনৰাম্ভ কৰা হৈছে বুলি কলটোৰ পৰিচালন সঞ্চালক গুনমনি গগৈয়ে জানিব দিয়ে।


No comments