Breaking News

সোণাৰিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণত সংঘটিত হৈছে অনিয়ম



মৃত্যুঞ্জয় দাস, সোণাৰি: সোণাৰি বিধানসভা সমষ্টিৰ টিয়ক চাহ বাগিচাত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভজো গাঁও পঞ্চায়তৰ অন্তৰ্গত বাগিচাখনৰ বিজেপি দলৰ ৱাৰ্ড সদস্য বিটু ভূঁইয়ে ইয়াৰ আঠ জন হিতাধিকাৰীৰ নামত গৃহ নিৰ্মাণৰ বাবে আবন্তিত বৃহৎ পৰিমাণৰ পুঁজি আত্মহাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে ঠিকাদাৰ ৰূপী শাসকীয় দলৰ ৱাৰ্ড সদস্য জনে হিতাধিকাৰী কেইজনৰ গৃহনিৰ্মানৰ কাম সম্পূৰ্ণ কৰোৱাই দিয়াৰ প্ৰতিশ্ৰুতিৰে প্রদান কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বাগিচাখনৰ আঠ জন হিতাধিকাৰীয়ে নিজৰ বেংকৰ একাউণ্টত জমা হোৱা পুঁজি উলিয়াই বিটু ভূঁই নামৰ ৱাৰ্ড সদস্য জনৰ হাতত জমা দিছিল। 



কিন্তু আজি প্ৰায় এবছৰ দিন উকলি যোৱাৰ পিছত ৱাৰ্ড সাদস্যজনে হিতাধিকাৰী কেইজনৰ ঘৰৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ নকৰিলে। ইয়াকে লৈ এতিয়া বাগিচা খনৰ দৰিদ্ৰ হিতাধিকাৰী সকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে। 

No comments