Breaking News

গুৱাহাটীত সংগ্ৰামী যৌথ মঞ্চৰ উদ্যোগত মিকিৰ বামুণী কৃষকৰ ন্যায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী



ঈশান কোচৰাজবংশীঃ যি সময়ত অসম চৰকাৰে খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুৰক্ষাৰ কথা কৈ আছে ঠিক একে সময়তে এই চৰকাৰে খিলঞ্জীয়াৰ মাটি কাঢ়ি কোম্পানীক গতোৱাৰ অভিযোগ উত্থাপিত হৈছে । নগাঁও চহৰৰ পৰা প্ৰায় ৪-৫ কিলোমিটাৰ পূব দিশে গ'লে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰিয়াগাঁও বাইপাছৰ গোল চ'কৰ পৰা কলং নৈৰ দক্ষিণ ফালে প্ৰায় দহ কিলোমিটাৰ দূৰত্বত অৱস্থিত নগাঁও জিলাত অন্তৰ্ভুক্ত কাৰ্বি-আংলংৰ সীমামুৰীয়া এটা অঞ্চলৰ এখন গাঁও হ'ল মিকিৰ বামুণী । মিকিৰ বামুণীৰ মানুহৰ মূল পেছা বুলি ক'বলৈ হলে সেয়া হ'ল কৃষি। ইয়াৰ প্ৰায়  কৃষকৰে মাটিৰ ৰায়তি খতিয়ান আছে আৰু সেয়েহে মিকিৰ বামুণীৰ এই অঞ্চলটোক গ্ৰাণ্ট হিচাপে কোৱা হয় মিকিৰ বামুণী গ্ৰাণ্ট বা গোঁহাই গ্ৰাণ্ট । 

পাহাৰৰ এই সীমামুৰীয়া অঞ্চলটোত আজিলৈ পথৰ কোনো সু-যোগাযোগ নাই। আন আন্তঃগাথঁনিসমূহো যথেষ্ট পিছপৰা। এই অঞ্চলটোত হাতী আৰু বিভিন্ন বনৰীয়া জন্তুৰ সৈতে সহবাস কৰি এই অঞ্চলৰ কৃষক ৰাইজে ইমানদিনে চলি আহিছে । কিন্তু হঠাৎ আজি কিছু দিনৰ আগতে এই কৃষি ভূমি অতি ৰহস্যজনকভাৱে কৃষিৰ বাবে অনুপযোগী বুলি ঘোষনা কৰি চৰকাৰ প্ৰশাসনে এই মাটিৰ মালিকিস্বত্ব হস্তান্তৰ কৰে ( Azure Power ) নামৰ দিল্লীৱালা এটা বহুজাতিক বনিয়া গোষ্ঠীলৈ । কিন্তু তাৎপৰ্য্যপূৰ্ণ কথাটো হ'ল, এই গোটেই প্ৰক্ৰিয়াটোৰ পৰা অতি গোপনে আঁতৰাই ৰখা হ'ল এই অঞ্চলৰ হজা কৃষক ৰাইজক আৰু ৰায়তি আইনকে ধৰি আন আন বহুতো আইনৰ কেইবাটাও নিয়ম ভংগ কৰি এই কৃষি ভূমিৰ দখল চমজাই দিয়া হ'ল কোম্পানীটোক । 

এই সময়চোৱাত অসম চৰকাৰৰ কেইবাটাও বিভাগে নিজৰ দায়িত্ব পালন নকৰাৰ অভিযোগ ইতিপূৰ্বে কেইবাবাৰো উত্থাপিত হৈছে। উদাহৰণ স্বৰূপে বনবিভাগে কৈছে যে উক্ত মাটিখিনিত কোনো বনৰীয়া হাতীৰ উপস্থিতি বা হস্তী দন্দি নাই । কিন্তু  ২০১৮ চনত অমিৰ মূৰ্মু নামৰ গাঁওখনৰ এজন লোকে ধান খেতিৰ পহৰা দি থকা অৱস্থাত হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ আৰু চৰকাৰীভাৱে ঘোষণা কৰা ক্ষতিপুৰণৰ এক তৃতীয়াংশ ধন পোৱাৰ তথ্য আছে । লগতে কৃষিভূমিক কৃষিভূমি নহয় বুলি ঘোষণা কৰা বিষয়টোও যে এক পৰিকল্পিত কৌশলৰ অংশ আছিল এই কথা ৰাইজে বুজি উঠিছে। উপৰোক্ত কথাবোৰক লৈ মিকিৰ বামুণীৰ প্ৰাপ্যৰ পৰা বঞ্চিত ৰাইজে আজি প্ৰায় ২০০ দিনৰো অধিক কাল গাঁওখনৰ অধিগৃত ভূমিত এক অস্থায়ী প্ৰতিবাদী টোৰন সাজি সেই ঠাইৰ পৰাই নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আন্দোলন কৰি আছে। এই আন্দোলনত প্ৰতিবাদী ৰাইজক বহুতো দল-সংগঠনে সমৰ্থন আৰু সহায় আগবঢ়াইছে। কিন্তু আজিলৈ চৰকাৰে এই বলিষ্ঠ আন্দোলনক উচিত মৰ্য্যদা দি বিষয়টোক মীমাংসা কৰিবলৈ কোনো পদক্ষেপ লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। এয়া দূৰ্ভাগ্যজনক।

যি সময়ত অসম চৰকাৰে খিলঞ্জীয়াৰ  ভূমি অধিকাৰ ৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰিছে ঠিক সেই সময়তে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰই নিজ ভূমিৰ অধিকাৰ বিচাৰি কৰা আন্দোলনৰ প্ৰতি চৰকাৰে সঁহাৰি নজনোৱা কাৰ্যই ৰাইজক হতাশ কৰিছে । যদি এনেকোৱাই হয় তেনেহ'লে এই চৰকাৰে প্ৰণয়ন কৰা আইনৰ পৰা অহা সময়ত আমি কি আশা কৰিব পাৰোঁ । 

উক্ত বিষয়সমূহৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আজি গুৱাহাটীত কেইবাটাও সংগঠনে যৌথভাৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । উক্ত কাৰ্যসূচীত নিখিল ভাৰত কৃষক সভা, অসম ৰাজ্য পৰিষদ (AIKS ), মানৱ অধিকাৰ সংগ্ৰাম সমিতি (MASS),সংগ্ৰামী কৃষক শ্ৰমিক সংঘ, অসম সংগ্ৰামী মঞ্চ, জাতীয় সুৰক্ষা মঞ্চ আদি বিভিন্ন দল সংগঠন তথা ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উক্ত প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰী সকলে  একেলগে চৰকাৰলৈ আহ্বান জনাই যাতে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ অধিকাৰ চৰকাৰে প্ৰদান কৰক আৰু আগলৈ এনে বলপূৰ্বক বা ৰাইজক অন্ধকাৰত ৰাখি গোপনভাৱে কৃষি ভূমি কোম্পানী বা পুঁজিপতিক গতোৱা বন্ধ কৰক।

No comments