Breaking News

সোণাৰিৰ টিঙালীবাম চাহ বাগিছাত লোমহৰ্ষক হত্যাকাণ্ড



মৃত্যুঞ্জয় দাস,সোণাৰিঃসোণাৰিৰ টিঙালীবাম চাহ বাগিছাত লোমহৰ্ষক হত্যাকাণ্ড । এটি সাত বছৰীয়া কন্যা শিশুক ডিঙি কাটি হত্যা। চৰাইদেউ জিলাৰ টিঙালীবাম আৰক্ষী চকীৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তত অৱস্থিত টিঙালীবাম চাহ বাগিছাৰ ১৩ নম্বৰ লাইটত সংঘটিত হোৱা এই জঘন্য হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বাগিছাৰ মাজত খৰি বিচাৰি যোৱা অৱস্থাত সন্ধানহীন হোৱা প্ৰায় সাত বছৰীয়া কন্যা শিশু এটিৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হয় এই চাঞ্চল্য । 

প্ৰাপ্ত তথ্য মতে বাগিচাখনৰ মঙলু তাঁতীৰ কন্যা আলিয়া তাঁতী নামৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী গৰাকী সমনিয়াৰ সৈতে বাগিচাখনলৈ খৰি আনিবলৈ গৈছিল। কিন্তু বহু দেৰি পৰ্যন্ত ছোৱালী জনী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খুচাৰ আৰম্ভ কৰে। অৱশেষত সোমবাৰে নিশা বাগিচা খনৰ মাজৰ পৰা কন্যা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।  আৰক্ষীৰ সূত্ৰে সদৰী কৰা মতে কোনো অচিনাকি দুৰ্বৃত্তয় ছোৱালী জনীক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰিছে । 

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । কি উদ্দেশ্যে আৰু কোনে ছোৱালী জনীক হত্যা কৰিলে ইয়াক লৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। ঘটনাটোৱে ইতিমধ্যে বাগিচা খনৰ লগতে ইয়াৰ চুবুৰীয়া অঞ্চল সমূহত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে।

No comments