Breaking News

ৰাইজৰ দলৰ গোলাঘাট জিলাৰ সভাপতি প্ৰাঞ্জল গগৈৰ গাড়ীত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ



ডিজিটেল সংবাদ,গোলাঘাটঃ ৰাইজৰ দলৰ গোলাঘাট জিলাৰ সভাপতি বিশিষ্ট অধিবক্তা প্ৰাঞ্জল গগৈৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তয় আক্ৰমণ কৰে। ২৩ আগষ্ট, অৰ্থাৎ সোমবাৰে সন্ধিয়া ৬:২০ বজাত খুমটাইস্থিত ঘৰলৈ গৈ থকা অৱস্থাত শাওঁতলীৰ সমীপত প্ৰাঞ্জল গগৈৰ গাড়ীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে অচিনাক্ত দুৰ্বৃত্তয়৷ আন্ধাৰৰ সুযোগ লৈ আক্ৰমণ কৰিবলৈ চেষ্টা কৰে প্ৰাঞ্জল গগৈক৷ সভাপতিজনে ব্যৱহাৰ কৰা i20 গাড়ীখনৰ বিস্তৰ ক্ষতি হয় যদিও কথমপি আক্ৰমণৰ পৰা ৰক্ষা পৰে প্ৰাঞ্জল গগৈ৷

 বৰ্তমান খুমটাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সভাপতিগৰাকীয়ে৷ এই ঘটনাক গোলাঘাট জিলা ৰাইজৰ দলে তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।

No comments