Breaking News

নলবাৰী জিলাৰ বিভিন্ন গাঁৱত চেভিঙচ একাউন্ট খোলাৰ অভিযান


প্ৰাঞ্জল বেজবৰুৱা,নলবাৰীঃ নলবাৰী জিলাৰ দীপ্তা সুৰাদিৰ "নৱজাগৰণ দেভেলপমেণ্ট চ'চাইটি" আৰু ইউনিয়ন বেংক, নলবাৰীৰ  উদ্যোগত গাঁৱে-গাঁৱে এক অভিযান চলিছে। উদ্দেশ্য নলবাৰী জিলাৰ  বিভিন্ন  গাঁৱে-গাঁৱে গৈ চেভিঙচ একাউন্ট খোলাৰ অভিযান। ভাৰত চৰকাৰৰ নিৰ্দেশত প্ৰত্যেক গাঁৱে-গাঁৱে দৰিদ্ৰ পৰিয়ালৰ লোকসকলে এটা চেভিঙচ  একাউণ্ট খোলাৰ ক্ষেত্ৰত যি হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে তাৰ বিপৰীতে এয়া এক বিশেষ সুবিধা। আপুনি এতিয়া গাঁৱতে থাকি খুলিব পাৰিব এটা একাউণ্ট। এতিয়া দীপ্তা গাঁৱৰ ৰাইজে নলবাৰীলৈ নগ'লেও এটিএম, চেকবুক, পাছবুক আদি সকলো ক্ষেত্ৰতে সুবিধা লাভ কৰিব। 

জনসাধাৰণৰ সুবিধাৰ্থে ইউনিয়ন বেংকে এনেদৰে সুবিধা লাভ কৰিব বুলি মত প্ৰকাশ কৰিছে বেংক কৰ্তৃপক্ষই। ইয়াৰ জৰিয়তে "প্ৰধানমন্ত্ৰী জনধন যোজনা", "সুকন্যা আঁচনি"ৰ সুবিধাও লাভ কৰিব বুলি জনাইছে বেংক কর্তৃপক্ষই। বেংকটোৰ অধীনত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত এইদৰে অনাগত দিনত চলি থাকিব এই অভিযান।

No comments