Breaking News

গোলাঘাটৰ অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন কাৰাবন্দী কয়দীৰ


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন কাৰাবন্দী কয়দীৰ।কটকটীয়া আৰক্ষী বেষ্টনীৰ পৰা পলায়ন দুৰ্ধৰ্ষ অপৰাধী বিমান বৰাৰ।                      একাধিক গোচৰত ২০১৬ চনৰ পৰা গোলাঘাটৰ লগতে উজনি অসমত অপৰাধৰ বৃহৎ সাম্ৰাজ্য গঢ়িছিল কুখ্যাত অপৰাধী বিমান বৰাই।গোচৰ নং ৮১/১৭।বোকাখাত থানাত ২০১৭ চনত ৰুজু হোৱা এই গোচৰ সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত অপৰাধীটোক।

দীৰ্ঘদিন ধৰি গোলাঘাট জিলা কাৰাগাৰৰ কয়দী আছিল বিমান বৰা। যোৱা ৩১ আগষ্টত কিছু শাৰিৰীক অসুস্থতাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কাৰাবন্দী চিকিৎসা কক্ষত ভৰ্তি কৰোৱা হৈছিল অপৰাধী বিমান বৰাক। ৭ ছেপ্টেম্বৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি এক্সৰে কৰিবলৈ বুলি কাৰাবন্দী কক্ষৰ পৰা এক্সৰে চেন্টাৰলৈ নিয়া হৈছিল বিমানক।তাতেই সংঘটিত হ'ল ঘটনাটো।

আৰক্ষীৰ হেমাহি আৰু গাফিলতিৰ বাবেই এক্সৰে কক্ষৰ পৰা পলায়ন কৰিছিল কুখ্যাত অপৰাধীটোৱে। কিদৰে আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ পালে দুৰ্ধৰ্ষ অপৰাধীটোৱে, সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে।

No comments