Breaking News

বোকাখাত পানবাৰীস্থিত বন্য পানী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত কাছৰ অস্ত্ৰোপচাৰ সম্পন্ন


ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাত পানবাৰীস্থিত বন্য পানী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত সফলতাৰে এটা কাছৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। কেইদিন মান পূৰ্বে তেজপুৰত উদ্ধাৰ হৈছিল এই দুষ্পপ্রাপ্য কাছটো। উদ্ধাৰ হোৱা কাছটোৰ ডিঙিত এটা বৰশী প্ৰত্যক্ষ কৰে উদ্ধাৰ কৰা লোক সকলে। কাছটোৰ ডিঙিত থকা বৰশীটো উলিয়াবলৈ চেষ্টা কৰে, বৰশীটো ওলিয়াব নোৱাৰাত তেজপুৰত থকা পশু চিকিৎসালয়লৈ নিয়া হয় যদিও তাতো কাছটোৰ ডিঙিৰ পৰা বৰশীটো উলিয়াবলৈ সক্ষম নহ'ল। 

তাৰ পাছত  বোকাখাতস্থিত বন্য পানী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা হয় কাছটো।কেন্দ্ৰটোৰ চিকিৎসক চামাচুল আলিৰ তত্বাৱধানত চিকিৎসা আৰম্ভ কৰে । প্ৰথমতে কাছটোৰ এক্স'ৰে কৰাৰ পিছত চিকিৎসকে প্ৰত্যক্ষ কৰে যে বৰশী টো ডিঙিৰ বহুত ভিতৰলৈ সোমাই গৈছে। সেইবাবে কাছটো অস্ত্ৰোপচাৰ কৰা হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে।বৰ্তমান কাছটো সংকট মুক্ত অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়ে।

No comments