Breaking News

কলিয়াবৰৰ বাঘমাৰিত কাজিৰঙাৰ পৰা ওলাই অহা এটা বাঘক লৈ আতংক

ডিজিটেল সংবাদ,কলিয়াবৰঃ বাঘমাৰীত বাঘৰ আতংক। জনাঞ্চলত চিকাৰ কৰিবলৈ আহি বনৰজা সোমাল পুখুৰীৰ মেটেকাৰ মাজত।শুক্রবাৰে পুৱাই কলিয়াবৰৰ কুঠৰীৰ বাঘমাৰীত বাঘৰ আতংক।খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ। খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিয়েই বিপদত পৰিল বনৰজা। বৰ্তমানেও বাঘটোৱে মেটেকাতে অৱস্থান কৰি আছে। ইতিমধ‍্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান, বন বিভাগ, কলিয়াবৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন বাঘে আশ্ৰয় লোৱা স্থানত উপস্থিত হৈ সষ্টম হৈ পৰিছে। 

এতিয়াও বাঘটোৱে মেটেকাতে আশ্ৰয় লৈ আছে। সুৰক্ষাজনীত কাৰণতে সেই স্থানৰ বাসিন্দাক সদ‍্যহাতে স্থানান্তৰ কৰিছে বনবিভাগে।স্থানীয়লোকক স্থানান্তৰ কৰাক লৈ একাংশ লোক উত্তেজিত হৈ তৰ্কাতৰ্কিত লিপ্ত হয় বনবিভাগ আৰু মহকুমা প্ৰশাসনৰ সৈতে।কৰ্তৃপক্ষই বাঘটো সুৰক্ষিতভাবে ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্ভাগলৈ পঠিওৱাৰ বাবে যাৱতীয় ব‍্যৱস্থা কৰিছে বুলি জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বন বিষয়া ৰমেশ চন্দ্ৰ গগৈয়ে। কৰ্তৃপক্ষৰ সূত্ৰমতে, সচৰাচৰ বাঘে বিচৰণ কৰে অঞ্চলটোত। কিবা কাৰণবশতঃ উদ‍্যানৰ ভিতৰ ভাগলৈ যাব নোৱাৰাত এতিয়া মেটেকাৰ মাজত আশ্ৰয় লৈ আছে। 

কাৰো ক'তো যাতে হানি-বিঘিনি নহয় আৰু বাঘটো যাতে নিৰাপদে তাৰ পৰা পঠিয়াব পাৰে তাৰ চেষ্টা অব‍্যাহত আছে। টুৰিষ্ট গাইড বিশ্বজীত ছেত্ৰীৰ কেমেৰাত আৱদ্ধ হৈছে মেটেকাত সোমাই থকা বাঘটোৰ স্থিৰ চিত্ৰ। উক্ত স্থানত সুৰক্ষাজনিত কাৰনতে কোনো লোককে যাবলৈ অনুমতি দিয়া নাই বনবিভাগে।

No comments