Breaking News

নুমলীগড় হাইস্কুলৰ প্ৰধান শিক্ষক মহেন শইকীয়াক দল সংগঠনৰ সম্বৰ্ধনা



ডিজিটেল সংবাদ,গোলাঘাটঃসদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা নুমলীগড় উপ-শাখা সমিতি আৰু অসমজাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নুমলীগড় আঞ্চলিক সমিতিৰ সহযোগত আজি  নুমলীগড় হাইস্কুলৰ সভাকক্ষত আয়োজন কৰা  সভাত ভাৰতীয় ষ্টেট বেংক ইণ্ডিয়াৰ গোলাঘাট শাখাৰ তৰফৰ পৰা কৃতী শিক্ষক বটাপ্ৰাপ্ত, নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক উত্তৰণৰ বাবে বিশেষ সহাৰি জনোৱা প্ৰধান শিক্ষক মহেন শইকীয়াক বিপুল সম্বধনা জনোৱা হয়।মাজুলী নিমাতী ঘাটত নাও দূৰ্ঘটনাত পতিতৰ ফলত মৃত্যু হোৱা লোক সকলৰ বাবে ১মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয় ।উপস্থিত থাকে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নুমলী গড় উপ-শাখা সমিতি উপদেষ্টা সজ্ঞিৱ ৱাউৰী,উপদেষ্টা প্ৰকাশ মালা,সভাপতি শ্ৰাহ্লল ৰবিদাস ,সম্পাদক বিবেকানন্দ ৰাজোৱাৰ সহকাৰী সম্পাদক আকাশ বাক্তি সহকাৰী, সম্পাদক চন্দ্ৰনাথ ৰবিদাস, সাংগঠনিক সম্পাদক জিমি ৱাউৰী ,সাংগঠানিক সম্পাদক অমিত বাক্তি, সাংস্কৃতিক সম্পাদক উজ্বল মহানন্দ ,সদস্য বিকী পানিকা ,ঊদ্দীত ৰবিদাস, কুমূদ তাঁতী ,স্যত্ত্বম ৰবিদাস অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নুমলীগড় আঞ্চলিক সমিতি ফালৰপৰা সভাপতি সুৰজ কুমাৰ ৰবিদাস সম্পাদক নছাদ আলী উপদেষ্টা দীন ৰবিদাস উপদেষ্টা ইন্দ্ৰ তামৰীয়া আজি সভাকক্ষত উপস্থিত থাকে।দলটোৱে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ সম্পৰ্কে আলোচনাত মিলিত হয়।

No comments