Breaking News

গোলাঘাটত অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ


ডিজিটেল সংবাদ,গোলাঘাটঃ অহা ১২ ছেপ্টেম্বৰত অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক)পৰীক্ষা, ২০২০ সুকলমে সম্পন্ন কৰাৰ বাবে গোলাঘাট জিলা প্ৰশাসনেও যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এই সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয় । জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা নডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত মুন গগৈয়ে পৰীক্ষা সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত ছুপাৰভাইজাৰসকলক বিশেষভাৱে সতৰ্ক হ'বলৈ নিৰ্দেশ দিয়ে। প্ৰতিজন পৰীক্ষাৰ্থীৰ হাতত যাতে ই-এডমিছন চাৰ্টিফিকেট আৰু যিকোনো এখন পৰিচয় পত্ৰ থাকে সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। সভাত অংশ লৈ অসম লোকসেৱা আয়োগৰ প্ৰতিনিধি মহম্মদ ৰফিক আহমেদে কয় যে, পৰীক্ষাৰ্থীয়ে কোনো ধৰণৰ হাতঘড়ী বা অন্য আহিলা-পাতি লগত নিব নোৱাৰিব। কেৱল নীলা বা ক'লা চিয়াঁহীৰ বল পইণ্ট কলম,ই এডমিছন চাৰ্টিফিকেট আৰু পৰিচয় পত্ৰহে লগত ৰাখিব পাৰিব । তেওঁ কয় যে ক'ভিড-19ৰ সম্ভাব্য সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সাৱধানতা অৱলম্বন কৰা হৈছে। সেই অনুসৰি এপালি বা দুয়োপালি প্ৰতিষেধক লোৱাৰ প্ৰমানপত্ৰ পৰীক্ষাৰ্থীয়ে লগত নিব লাগিব । যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকে ৪৮ ঘণ্টাৰ ভিতৰত ৰেট পৰীক্ষা কৰা নাইবা ৭২ ঘণ্টাৰ ভিতৰত আৰ টি পি চি আৰ পৰীক্ষা কৰা প্ৰমানপত্ৰ লগত নিব লাগিব । পৰীক্ষাৰ্থীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। সকলোকে থাৰমেল স্কেনিং কৰা হ'ব । একোজন পৰীক্ষাৰ্থীয়ে ছেনিটাইজাৰৰ সৰ্বাধিক ৬০ মিলিলিটাৰৰ বটল লগত ৰাখিব পাৰিব । 



উল্লেখযোগ্য যে গোলাঘাট জিলাত এইবাৰ ২০২০ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব । ইয়াৰে ডি আৰ কলেজত ১৬ গৰাকী বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থী থাকিব । গোলাঘাটত মুঠ ১২টা কেন্দ্ৰ থাকিব । কেন্দ্ৰসমূহ হ'ল ডি আৰ কলেজ, কমাৰ্চ কলেজ, এইচ পি বি গাৰ্লছ কলেজ, গভমেণ্ট বি বি এইচ এছ স্কুল, দণ্ডধৰ বৰুৱা গাৰ্লছ স্কুল, কে কে বি বি হাইস্কুল, টাউন হিন্দী হাইস্কুল, ফণী বৰদলৈ হাইস্কুল, বেংগলী হাইস্কুল, কচাৰিহাট হাইস্কুল, কচাৰিহাট গাৰ্লছ এইচ এছ স্কুল আৰু চান্দমাৰী হাইস্কুল । প্ৰতিটো কেন্দ্ৰত ১০০ৰ পৰা ২০০গৰাকী পৰীক্ষাৰ্থী থাকিব । প্ৰতিটো কেন্দ্ৰ আগতীয়াকৈ ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হ'ব । পুৱা ১০ বজাৰ পৰা ১২ বজালৈ প্ৰথম কাকত আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈ দ্বিতীয় কাকতৰ পৰীক্ষা অনুষ্ঠিত হ'ব । পৰীক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । পৰীক্ষাৰ্থীসকলে 03774-283282 নম্বৰত এই নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি পৰীক্ষা সম্পৰ্কীয় প্ৰশ্ন সুধিব পাৰিব । পুৱা চাৰে ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এই নম্বৰত ফোন কৰিব পাৰিব।

No comments