Breaking News

দেৰগাঁৱৰ বিভিন্ন স্থানত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন পালন

 



কুমুদ বৰা,দেৰগাঁওঃ দেৰগাঁৱৰ বিভিন্ন স্থানত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিন উদযাপন। ৰাজ্য জুৰি ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন উদযাপন কৰে।দেৰগাঁৱতো বিভিন্ন স্থানত কভিড সৃষ্ট পৰিৱেশৰ মাজতে অনুষ্টুপীয়াকৈ উদযাপন হয় বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ ওপজা দিন।

নাৰিকলগুৰি গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ৰ চৌহদত সুধাকণ্ঠ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত উদযাপন কৰা জন্মদিনৰ কাৰ্যসূচীৰ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণী কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িতী নিৰ্মালী বৰুৱা হাজৰিকাই। সংগীত শিক্ষক জীৱন দাসে আঁত ধৰা অনুষ্ঠানটিত সুধাকণ্ঠ সাংস্কৃতিক গোষ্ঠীৰ শিল্পী সকলে ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰি বৰেণ্য শিল্পী গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

অন্যহাতে,লাহতী চাৰিআলি ব্যৱসায়ী সন্থাৰ উদ্যোগত লাহতী চাৰিআলিত পালন কৰা হয় ড০ ভূপেন হাজৰিকাৰ জন্মদিন। অনাঁটাৰ শিল্পী হিৰন্য পেগুৱে শুভাৰম্ভণী কৰা অনুষ্ঠানটিত বহু কেইজন ব্যক্তিয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিবেশন কৰি শ্ৰদ্ধা জনাই। অনুষ্ঠানটি আঁত ধৰে অমল দেই।ইয়োৰোপৰি নৰেন শৰ্মা স্মৃতি পথাৰ, দেৰগাঁও চাৰিআলি সমীপ আদি বহু কেইটা স্থানত ওপজা দিন পালন কৰি শিল্পী জনালৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

No comments