Breaking News

গোলাঘাটত আজিৰে পৰা গঁড়ৰ খৰ্গৰ পুনৰীক্ষন প্ৰক্ৰিয়া আৰম্ভ

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজিৰেপৰা গোলাঘাট কোষাগাৰত জমা কৰি ৰখা গঁড়ৰ খৰ্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১৯ জনীয়া এখন কাৰিকৰী সমিতিয়ে খৰ্গসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশ লৈছে।এই প্ৰক্ৰিয়াত মুঠ ১,১৯৫ টা খৰ্গ পৰীক্ষা কৰা হ'ব। ইয়াৰে ১,১৯২ টা গোলাঘাট জিলা কোষাগাৰৰ পৰা আৰু তিনিটা যোৰহাটৰ পৰা অনা হৈছে। এই প্ৰক্ৰিয়া ১৫ ছেপ্টেম্বৰলৈকে চলিব। 

বন সংৰক্ষক তথা ভাৰতীয় বন সেৱা বিষয়া এম হুছেইনৰ অধ্যক্ষতাত আৰু উপ বন সংৰক্ষক খনিন্দ্ৰ দাস সদস্য সচিব হিচাপে থকা সমিতিখনত শীৰ্ষ বন বিষয়া, প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিনিধি,পৰিৱেশবিদ,সাংবাদিক আৰু কেইবাগৰাকীও বিশেষজ্ঞ আছে।কাৰিকৰী সমিতিৰ উপৰি কেন্দ্ৰীয় সমিতি আৰু স্থানীয় পৰ্যায়ত মাণ্ডলিক সমিতিও আছে। আটাইকেইখন সমিতিত প্ৰায় ৫০ জন সদস্য আছে।এই প্ৰক্ৰিয়াত গঁড়ৰ খৰ্গসমূহ পৰীক্ষা কৰাৰ লগতে ডি এন এ নমুনা সংগ্ৰহ কৰা হ'ব । 

উল্লেখ্য যে সমগ্ৰ ৰাজ্যতে জমা কৰি ৰখা গঁড়ৰ খৰ্গসমূহৰ পুনৰীক্ষণৰ বাবে ৭টা জ'নত ভাগ কৰি দিয়া হৈছিল।ইয়াৰে অন্যান্য জ'নসমূহৰ লগতে বোকাখাত জ'নৰ অধীনত কঁহৰাত ইতিমধ্যে পৰীক্ষা সম্পূৰ্ণ হৈছে।

No comments