Breaking News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ


 ডিজিটেল সংবাদ,কলিয়াবৰঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ টুনীকাটি বন শিবিৰ এলেকাত উদ্ধাৰ কৰা হৈছে এজনী প্ৰাপ্তবয়স্ক মাইকী গঁড়ৰ মৃতদেহ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই উদ্ধাৰ হৈছে গঁড়জনীৰ মৃতদেহ।বানৰ কৱলত পৰি গঁড়জনী  মৃত‍্যু হোৱা বুলি  সন্দেহ কৰিছে কাজিৰঙাৰ বনকৰ্মীয়ে। 

বনকৰ্মীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা হাতীৰে ৰছীৰ সহায়ত মৃত গঁড়জনী পানীৰ পৰা টানি পাৰলৈ নিয়ে। অৱশ্যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা এই পৰ্য‍্যন্ত গঁড়জনীৰ মৃত‍্যু সম্পৰ্কে কোনো তথ‍্য আনুষ্ঠানিকভাবে প্ৰকাশ কৰা  নাই। অৱশ্যে মৃত গঁড় জনীৰ খৰ্গটো সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

No comments