Breaking News

জাগীৰোডৰ জুই




কবিঃ ৰূপজ্যোতি ফুকন


আখলত নজলা জুইবোৰ পথত

জাগীৰোডৰ জুই

বাঁহ ফলা মেচিনৰ উত্তাপত

উদ্গীৰণ ৰমণী

পেটৰ ভোকবোৰ বগা ছাই দ'মত

ৰোগীয়া লঘোণীয়া হিন্দুস্থানী।


বগা কাগজৰ ক'লা দাগত জ্বলিছে

জাগীৰোড

চিমনীৰ ধোঁৱাবোৰ নুলোৱা হৈ

মানুহবোৰ এজন এজনকৈ হেৰাইছে

শাৰী শাৰী নিয়ন লাইটবোৰ

জাগীৰোডৰ জুই

ঘৰ এৰি অঘৰী পটাত।


দিষ্টা,ৰীমত দূৰ্ভগীয়া বাসী

পষেকত অঘৰী যাত্ৰাৰ চমনত জ্বলে

জাগীৰোড

জাগীৰোডৰ জুই

পেটৰ জুই, হেৰুওৱাৰ জুই

চেগুণৰ পাতে-ডালে ওলমিছে

ক্ষোভৰ জুই

জাগীৰোডৰ জুই

ঘৃণাৰ অৱহেলাৰ আৰু লাঞ্চনাৰ।

জাগীৰোড।

No comments