Breaking News

গোলাঘাটৰ শিক্ষানুষ্ঠানত ক'ভিড টীকাকৰণ শিবিৰ অনুষ্ঠিত

 


গোলাঘাট : গোলাঘাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুল ( পূৰ্বৰ ৰিলায়েন্স কলেজ জুনিয়ৰ) ত আজি এক ক'ভিড টীকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হয়।  গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ এটা দলৰ সহযোগত অনুষ্ঠিত কৰা এই শিবিৰত ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ওঠৰ বছৰ বয়স হোৱা শিক্ষাৰ্থীৰ লগতে শিক্ষক কৰ্মচাৰী,  অভিভাৱক আৰু অন্যান্য লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হয়। অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে উক্ত টীকাকৰণ শিবিৰত সক্ৰিয় সহযোগিতা আগবঢ়োৱা স্বাস্থ্য বিভাগৰ লোকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁলোকক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়। ৪৫ জনৰো অধিক লোকক ভেকচিন প্ৰদান কৰা এই শিবিৰত ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰেক্টৰ ড০ তোলেন্দ্ৰ নাথ হাজৰিকা প্ৰমুখ্যে অন্যান্য শিক্ষক শিক্ষয়িত্ৰী,  কৰ্মচাৰী,শিক্ষাৰ্থী আৰু অভিভাৱক উপস্থিত থাকে

No comments