Breaking News

শীঘ্ৰেই আৰম্ভ হ'ব নাহৰবাৰীত লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পৰ কাম


মাধুৰ্য কোঁৱৰ, ধনশিৰিঃ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে ভাৰতবাসীলৈ লাভলীনা বৰগোহাঁইয়ে কঢ়িয়াই আনিলে ক্ৰীড়া ইতিহাসৰ এটি বৰ্ণিল অধ্যায়। আৰু লাভলীনাৰ সফলতাৰ পাছতেই যেন সুদিন ঘুৰি আহিল খেলুৱৈ গৰাকীৰ ওপজা ঠাইখনলৈ । কোনোদিনে ভাৰতবাসী নালাগে অসমবাসীয়েও  চিনি নোপোৱা বৰপথাৰৰ বাৰমুখীয়া গাঁৱক চিনি পালে সকলোৱে । এনেদৰেই এতিয়া গোলাঘাট জিলাৰ ধনশিৰি মহকুমাটি হৈ পৰিল  সকলোৰে চৰ্চাৰ বিষয়।  জৰাজীৰ্ণ ৰাস্তা পদুলি, খোৱা পানীৰ সমস্যা আদি নানা সমস্যাৰে জৰ্জৰিত বাৰমুখীয়া গাঁও খনলৈ আহিল বহু ভাল খবৰ । বাৰমুখীয়া গাঁৱলৈ যোৱা  অতিকে শোচনীয় পথটি কম দিনৰ ভিতৰতে পকীকৰণৰ হল।  ২০২২  চনৰ জানুৱাৰী মাহৰ ভিতৰতে গাঁও খনত   আৰম্ভ হব  বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা । লাভলীনা বৰগোহাঁইয়ে নিজ হাতেৰেই স্থাপন কৰিলে পানী যোগান আঁচনিৰ আধাৰশিলা । ইপিনে ক্ৰীড়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নথকা ধনশিৰি মহকুমাৰ লগতে ৰাজ্যবাসীলৈ আহিল  আৰু এটি ভাল খবৰ । ভাৰত গৌৰৱ লাভলীনা বৰগোহাঁইৰ নামতেই ধনশিৰি মহকুমাত স্হাপন হব এক বৃহৎ ক্ৰীড়া প্ৰকল্পৰ । ধনশিৰি মহকুমাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত নাহৰবাৰীত স্হাপন হব প্ৰস্তাৱিত  ক্ৰীড়া প্ৰকল্পটি । ইতিমধ্যে স্হানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত নাহৰবাৰীত  ৪১ বিঘা মাটি প্ৰকল্পটোৰ বাবে গ্ৰহণ কৰা হৈছে।

২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগা  লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ হব । উল্লেখ্য যে অত্যাধুনিক সা-সুবিধাৰে সু-সজ্জিত হব প্ৰস্তাৱিত ক্ৰীড়া প্ৰকল্পটি । ইতিমধ্যে ক্ৰীড়া প্ৰকল্পৰ আৰ্হি প্ৰস্তুত কৰি তোলা হৈছে । আৰ্হি অনুসৰি   আৰম্ভ হব লগা ক্ৰীড়া প্ৰকল্পটোত থাকিব এখন ফুটবল খেলপথাৰ, ৪০০ মিটাৰ দৌৰৰ চিন্হেটিক ট্ৰেক,  ৪  টা বক্সিং ৰিঙ, বেডমিন্টন কৰ্ট,  ভলীবল কৰ্ট,  এখন ইনডৰ ষ্টেডিয়াম,  চুইমিং পুল,  আৰ্চাৰী খেল আদিৰ সুবিধা । লগতে খেলুৱৈৰ বাবে হোষ্টেলৰ সুবিধা আৰু এটি উন্নত মানদণ্ডৰ অত্যাধুনিক সা সুবিধা যুক্ত শৰীৰ চৰ্চা ( জিম) কেন্দ্ৰ থাকিব প্ৰস্তাৱিত প্ৰকল্পত । আনহাতে ৩০ হাজাৰ দৰ্শকৰ বাবে আসনৰ ব্যৱস্থা  থাকিব প্ৰকল্পটিত । উল্লেখযোগ্য যে লাভলীনা বৰগোহাঁইয়ে অনুশীলনৰ বাবে বেংগালুৰুলৈ ৰাওনা হোৱাৰ দিনা প্ৰস্তাৱিত প্ৰকল্পৰ আৰ্হি চাই সন্তুষ্টি প্ৰকাশ কৰে। লগতে প্ৰকল্পটোৱে ৰাজ্যখনৰ যুৱক যুৱতী সকলৰ ক্ৰীড়াৰ ক্ষেত্ৰত থকা বহুদিনীয়া অভাৱ পূৰণ কৰি অসমৰ পৰা আৰু বহু বিশ্ব জয় কৰা খেলুৱৈৰ জন্ম হ'ব বুলি বক্সাৰগৰাকীয়ে আশা প্ৰকাশ কৰে ।

No comments