Breaking News

"প্ৰতিষেধক গ্ৰহণ কৰি ক'ভিডবিৰোধী যুঁজৰ অংশীদাৰ হওক"



ডিজিটেল সংবাদ, গোলাঘাটঃ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশক্ৰমে প্ৰতিগৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ক'ভিড-19ৰ  প্ৰতিষেধক লোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে আজিৰেপৰা জিলাখনৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ বাহিৰত "আমি সকলোৱে ক'ভিড-19ৰ প্ৰতিষেধক গ্ৰহণ কৰিলো" বুলি লিখা বেনাৰ আঁৰি ভেকচিন গ্ৰহণৰ প্ৰতি ৰাইজক সজাগ কৰাৰ প্ৰয়াস চলোৱা হৈছে । উল্লেখযোগ্য যে গোলাঘাট জিলাত কালিৰ দিনটোলৈকে ৭,১২,১৪৫ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । 

ইয়াৰে ৫,৯৮,৩৫১টা প্ৰথম পালি আৰু ১,১৩,৭৯৪টা দ্বিতীয় পালি প্ৰতিষেধক । জিলা প্ৰশাসনে বিনাদ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বিশেষকৈ দ্বিতীয় পালি প্ৰতিষেধক ল'বলৈ ৰাইজৰ প্ৰতি পুনৰ আহ্বান জনাইছে । আজিৰ দিনটোত জিলাখনত ১৫,৯৫০ পালি প্ৰতিষেধক প্ৰদান কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।



No comments