Breaking News

কাজিৰঙা, বানপানী আৰু বন্যপ্ৰাণীৰ দুৰ্দশা

 


ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত বানপানী ক্ৰমান্বয়ে হ্ৰাস হৈ আহিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী নতুন কথা নহয়। যোৱাটো বছৰত একেলেঠাৰিয়ে অহা কেইবাটাও বানপানীৰ ফলত বন্যজন্তকে ধৰি জনাঞ্চলৰো যথেষ্ঠ পৰিমানে ক্ষতি হৈছিল।

কাজিৰঙাত বানপানীয়ে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলকে ধৰি বন্যপ্ৰাণীৰো যথেষ্ট পৰিমাণে ক্ষতি কৰে।  বানৰ বিভীষিকাই উদ্যানৰ জীৱ -জন্তুক দিশহাৰাও কৰে। পানীত ডুবি মৃত্যু হয় বহুতো বন্যপ্ৰাণীৰ, ওখ ঠাই বিচাৰি কিছুমান বন্যপ্ৰাণী আকৌ মানুহৰ ঘৰৰ গোহালি,বাৰি আদিতো আশ্ৰয় লয় থাকে। আনহাতে দক্ষিণৰ কাৰ্বি পাহাৰৰ দিশে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু মুখত পৰে বহুতো বন্যপ্ৰাণী।



আঘাতপ্ৰাপ্ত কিছু বন্যজন্তক বিভাগে কাজিৰঙাৰ পানবাৰিস্তিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত লৈ যায় আৰু প্ৰতিপালন কৰি সুস্থ হোৱাৰ পিছত বন্যপ্ৰাণী সমূহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তভাগত মুকলি কৰি দিয়া দিয়ে। অৱশ্যে যোৱা বছৰৰ তুলনাত এইবাৰ বানপানীত বন্যজন্তৰ ক্ষতিৰ সংখ্যা কম বুলি  বিভাগীয় তথ্যৰ পৰা জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২২৩ টা বন শিবিৰৰ ভিতৰত এতিয়াও ২১টা বন শিবিৰৰ তলেৰে পানী বৈ আছে। অন্যহাতে আজি পৰ্য্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ এই সময়ছোৱাত পানীত পৰি ৬টা, ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰোতে দুৰ্ঘটনাগ্ৰস্ত হৈ ১১টা, অন্যান্য কাৰনত ৩ টা আৰু ৪টা স্বাভাৱিক কাৰণত হোৱা মৃত্যুকে ধৰি বৰ্তমানলৈ মুঠ ২৪ টা বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰিছে ।

No comments