Breaking News

শিক্ষক দিৱস উপলক্ষে ৰটাৰী ক্লাৱ গোলাঘাটৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান



গোলাঘাট : আজি দেশজুৰি পালন কৰা হয় শিক্ষক দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় সংগঠন ৰটাৰী ইণ্টাৰনেচনেল ক্লাৱৰ গোলাঘাট জিলা শাখাৰ উদ্যোগত আজি এক বিশেষ সম্বৰ্দ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।  সংগঠনটোৱে এইবাৰ একোখনকৈ শিক্ষানুষ্ঠান বাচনি কৰি সেই শিক্ষানুষ্ঠানৰ সমূহ কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ এক কাৰ্যসূচী হাতত লয়।  সেইমৰ্মে  আজি ৰটাৰী ইণ্টাৰনেচনেল জিলা ৩২৪০ ৰ ৰটাৰী ক্লাৱ গোলাঘাট শাখাৰ উদ্যোগত গোলাঘাটৰ মাতৃভাষা মাধ্যমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।  উক্ত অনুষ্ঠানত গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্মৃতিৰেখা বৰাক প্ৰথমতে সম্বৰ্ধনা জ্ঞাপন কৰি বিদ্যালয়খনে প্ৰদৰ্শন কৰি অহা উন্নত শৈক্ষিক ফলাফলৰ স্বীকৃতি স্বৰূপে ৰটাৰী ক্লাৱৰ   তৰফৰ পৰা এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়।  ইয়াৰ পিছতে বিদ্যালয় খনত কৰ্মৰত সমূহ শিক্ষক শিক্ষয়িত্ৰীক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।  


আজিৰ এই বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত ৰটাৰী ক্লাৱ গোলাঘাট শাখাৰ সভানেত্ৰী ইন্দিৰা গগৈ,  সম্পাদক অমৃত কুমাৰ হাজৰিকা, সদস্য সদস্যা ক্ৰমে  ড০ মিনোৱাৰা বেগম,  এচ এচ ৰহমান,  পূৰ্ণানন্দ বৰুৱা,  বুলি গগৈ আৰু প্ৰদীপ সোণাৰ  উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষয়িত্ৰী তথা বিদ্যালয়ৰ সঞ্চালক মণ্ডলীৰ সম্পাদিকা বনশ্ৰী কাকতিয়ে ।

No comments