Breaking News

মাৰাত্মক হেৰইনসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক ধনশৰি মহকুমা আৰক্ষীৰ

মাধুৰ্য কোঁৱৰ,বৰপথাৰঃ ধনশৰি মহকুমা আৰক্ষীয়ে শনিবাৰে সন্ধিয়া মাৰাত্মক হেৰইনসহ এটা  ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা মাৰাত্মক ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি হাতে লুটে কৰায়ত্ত হয়  চুটুকন চেতিয়া নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো। ধৃত চুটুকনৰ পৰা আৰক্ষীয়ে প্ৰায় ২৫ গ্ৰাম ওজনৰ হেৰইনৰ লগতে দুটা প্লাষ্টিকৰ টেমা আৰু নগদ ধনো জব্দ কৰিছে। 

এক গোপন সূত্ৰৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পঞ্চম আমচিৰ নেতৃত্বত অভিযান চলাই বৰপথাৰৰ শিমলুচাপৰিৰ পৰা যুৱকজনক আটক কৰে ৷ যুৱকজন তিনিচুকীয়া মাকুমৰ দীঘল সাকোৰ নগেন চুতীয়াৰ পুত্ৰ। ধৃত যুৱকজনে স্বীকাৰ কৰে যে,ডিমাপুৰৰ পৰা আনি উক্ত  ড্ৰাগছখিনি আন এটা   সৰবৰাহকাৰীয়ে চুটুকনক দি গৈছিল। সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

No comments