Breaking News

কাৰ্বি পাহাৰত এতিয়া শান্তিৰ বন্যা

ডিজিটেল সংবাদ, বোকাজানঃ শান্তি চুক্তিৰ পিছতে শান্তি নামি আহিছে কাৰ্বি আংলঙলৈ। কাৰ্বি আংলঙৰ ৬টাকৈ বিদ্ৰোহী সংগঠনে অস্ত্ৰ সম্বৰণ কৰি ঘূৰি আহিছে মূল সুঁতিলৈ। কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ পিছতে এতিয়া কেম্পসমূহ ভংগ কৰি ঘৰমূৱা হৈছে কেডাৰসমূহ।কাৰ্বি পাহাৰত এতিয়া শান্তিৰ বন্যা। কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তিৰ পিছতে জংঘল এৰি আপোন ঘৰখনলৈ আহিব কাৰ্বি আংলঙৰ বিদ্ৰোহী সংগঠন ইউপিএলএৰ ৩৭৮ জন কেডাৰ। ৮ বছৰীয়া সংগ্ৰামৰ অন্ত পৰিল কাৰ্বি আংলঙৰ উগ্ৰপন্থী সংগঠন ইউপিএলএৰ। সংগঠনটোৰ কেডাৰ সমূহলৈ ঘোষণা কৰিছে ৩ লাখ টকাৰ এক কালীন সাহায্য। মাহে ৬ হাজাৰকৈ তিনিবছৰৰ বাবে দিয়া হৈছে আৰ্থিক অনুদান। সংগঠনটোৰ মূল দাবী আছিল কাৰ্বি আংলংঙক পৃথক ৰাজ্যৰ স্বীকৃতি দিয়াৰ। কিন্তু শান্তি চুক্তিকলৈ সুখী বুলি মন্তব্য কৰে ইউপিএলএৰ গৃহ সচিব বিনোদ ৰংহাঙে।

No comments