Breaking News

বৰপথাৰত পুনৰ ড্ৰাগছসহ দুজনক আটক

মাধুৰ্য কোঁৱৰ,বৰপথাৰঃগোলাঘাট  আৰু কাৰ্বি আংলঙ জিলাৰ সীমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলুচাপৰি অঞ্চলৰ পৰা দেওবাৰে পুনৰ ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে বিয়লি এক গোপন সূত্ৰৰ পম খেদি নিষিদ্ধ ড্ৰাগছসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। যুৱক দুজনৰ পৰা প্ৰায় ২৫.৬৪ গ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।ধৃত যুৱক দুজন কাৰ্বি আংলং জিলাৰ বৰপথাৰ শান্তিপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলনিজানৰ পানিকা বস্তিৰ মোহন পানিকাৰ পুত্ৰ ভীমা পানিকা(৩৬) আৰু শিলনিজানৰে কেচুৰীডুবিৰ মৃত গাঁথিয়া মুড়াৰ পুত্ৰ নন্দ মুড়া(৩৭) বুলি জানিব পৰা গৈছে। 

যুৱক দুজনৰ পৰা ড্ৰাগছৰ উপৰিও দুটা প্লাষ্টিকৰ টেমা,এটা কি-পেইড মোবাইল  আৰু এটা ইনফিনিক্স মোবাইল ফোন, এখন এএচ ০৯ জি ০৬৫০ নম্বৰৰ হিৰ' হুণ্ডা স্পেলেণ্ডাৰ বাইক আৰক্ষীয়ে জব্দ কৰিছে।ইতিমধ্যো আৰক্ষীয়ে দুই ধৃত যুৱকক নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে। 

উল্লেখ্য যে,যোৱা ১১ চেপ্তেম্বৰৰ গধূলি একেই স্থানৰ পৰা ধনশিৰি মহকুমা আৰক্ষী বিষয়া আৰু বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বতে তিনিচুকীয়াৰ মাকুমৰ পৰা ড্ৰাগছ নিবলৈ অহা এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

No comments