Breaking News

সোণাৰিৰ লংপতীয়াত ফুটবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত



মৃত্যুঞ্জয় দাস,সোণাৰিঃ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভা সমূহ বিকশিত কৰি তুলিবলৈ সোণাৰিৰ লংপতীয়াত অনুষ্ঠিত হৈছে এক মহীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ। চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সহযোগত লংপতীয়া ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰত সোণাৰি লংপতীয়া অঞ্চলৰ অৰ্ধশতাধিক শিশু-কিশোৰ-কিশোৰীয়ে অংশগ্ৰহণ কৰিছে। লংপতীয়া ৰাজহুৱা খেলপথাৰত ১ চেপ্তেম্বৰৰপৰা অনুষ্ঠিত হৈ থকা ফুটবল প্ৰশিক্ষণ শিবিৰটোত সাংসদ তপন কুমাৰ গগৈয়েও সহযোগিতা আগবঢ়াইছে । দৈনিক পূৱা আৰু আবেলি অনুষ্ঠিত হৈ থকা প্ৰশিক্ষণ শিবিৰটো চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ শাৰীৰিক নিৰ্দেশক তথা প্ৰাক্তন ফুটবলাৰ ললিত চাবুকধৰাৰ তত্বাৱধানত চলি আছে।


No comments