Breaking News

মেৰাপানীৰ ধৰ্মপৰায়ণ ব্যক্তি দীপচন দাস আতাৰ দেহাৱসান


বাবুল দাস,মেৰাপানীঃ ৰাজ্যখনৰ ভিতৰতে এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে পৰিগণিত হোৱা ১১২ টা বৰ্ষ গৰকা মেৰাপানীৰ ধৰ্মপৰায়ণ ব্যক্তি দীপচন দাস আতা আৰু নাই। ১৯০৯ চনত সত্ৰনগৰী মাজুলীত জন্মগ্ৰহণ কৰা দীপচন দাসে দেশৰ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি বৰ্তমান সমাজ ব্যৱস্থালৈকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওৰেটো জীৱন জড়িত হৈ পৰৱৰ্তী কালত এক শৰণ ভাগৱতী সমাজৰ এগৰাকী ধৰ্মগুৰু হিচাপে বিবেচিত হৈছিল। 

মহা মানৱ মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰা তথা দৈয়াঙৰ এগৰাকী মহীৰূহ দীপচন আতাৰ মৃত্যুত মেৰাপানীৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বাসগৃহত সহস্ৰাধিক গুণমুগ্ধ উপস্থিত হৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰে। 

দীপচন দাসৰ অৱদানক মেৰাপানীবাসীয়ে সশ্ৰদ্ধ সোঁৱৰণ কৰি গুণমুগ্ধ সকল আবেগিক হৈ পৰাৰ লগতে তেখেতৰ অন্তিম যাত্ৰাত শৱদেহলৈ এক শৰণ ভাগৱতী সমাজৰ ভকত বৈষ্ণৱ সকল, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়া সকলৰ লগতে দৈয়াঙৰ সমাজ কৰ্মী সকল উপস্থিত থাকি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ সমদল বাহিৰ কৰে।

No comments