Breaking News

আসন বৃদ্ধিৰ দাবীত নলবাৰীৰ মহাবিদ্যালয়ত স্মাৰক পত্ৰ প্ৰদান NSUIৰ


প্ৰাঞ্জল বেজবৰুৱা,নলবাৰীঃ আজি নলবাৰীৰ দুখন প্ৰধান মহাবিদ্যালয় নলবাৰীৰ কলেজ আৰু মহেন্দ্র নাৰায়ণ চৌধুৰি বালিকা মহাবিদ্যালয়ত অসম ৰাজ্যিক এন এছ ইউ আইয়ে নলবাৰী জিলা এন এছ ইউ আইৰ সহযোগত আসন বৃদ্ধিৰ লগতে ৫০ শতাংশৰ কম নম্বৰ লাভ কৰি উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহনৰ দাবীত দুখন মহাবিদ্যালয়ৰ অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান পৰে। 

উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি কৃষানু বৰুৱা, অসম ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক আছিফ আহমেদ,অসম ৰাজ্যিক এন এছ ইউ আইৰ উপ সভাপতি তনভি তানজুম, অসম ৰাজ্যিক এন এছ ইউ আইৰ সমন্নয়ক তুষাৰ আলী আৰু নলবাৰী জিলা এন এছ ইউ আইৰ প্ৰাক্তন সম্পাদক ৰিচি আহমেদ।

No comments