Breaking News

যাত্রাৰ শেষত(৭)

 


✍ পৰিমিতা গোস্বামী 


     নবৌয়েকৰ মৃত্যুৰ খবৰটো নিকিতাক দিছিল বৰদেউতাকৰ পুতেক ককায়েক নয়নে । সেইদিনা ঘৰুৱা কিছুমান কামৰ বাবে অফিচৰ পৰা সোনকালেই গুচি আহিছিল নিকিতা। ঘৰ আহি পাইছিলহে মাত্র । তেনে সময়তে ম'বাইলৰ স্ক্ৰীনত ককায়েক নয়নৰ নামটো জিলিকি উঠিল । তাইৰ মনটো এক মুহূৰ্তলৈ ভাল লাগি গ'ল । " বহু দিনৰ মূৰত নয়ন দাই  ফোন কৰিছে, তাৰ বা আজি মোলৈ কি মনত পৰিল!" তাই লৰা লৰিকৈ ফোনটো ৰিচিভ কৰি  :: অ'... নয়নদা ক'...।" সিফালৰ পৰা উত্তৰ আহিল ।

:: অ'... নিকি তই ক'ত? অফিচতে আছনে ?

:: নহয় অ' নয়নদা মই আজি ঘৰৰ সৰু-সুৰা কাম কেইটা মানৰ বাবে সোনকালে অফিচৰ পৰা গুচি আহিলোঁ । এয়া এইমাত্র পাইছোঁহি। ক' চোন তহঁতৰ কেনেকুৱা ভালনে?  আৰু আমাৰ মাহঁতৰ ঠিকেই আছেনে?

:: উম... আমাৰ ভালেই , তহঁতৰ কেনেকুৱা ভালনে?

:: উম আমাৰো ভাল ।

:: ঘৰত জোঁৱাই আছেনে ?

:: নাই তেওঁ অফিচৰ পৰা আহি পোৱাই নায়। 

:: হয় নেকি ! খবৰ এটা আছিল।

:: কি খবৰ ? মোকে ক'চোন । 

জোঁৱায়েকক দিব পৰা এনে কি খবৰ হ'ব পাৰে! নিশ্চয় খবৰটো ভাল নহ'ব । নিকিতাই অনুমান কৰিব পাৰিলে ।

থেৰোগেঁৰোকৈ নয়নে আৰম্ভ কৰিলে ,

::  খবৰটো ভাল নহয় অ' নিকি । মানে আমাৰ অংশুৰ মাক ঢুকাল এই দহ মিনিটমান হৈছে। মই তোক খবৰটো জনাবলৈকে ফোন কৰিলোঁ ।উপায় নাই অ' ... তই অলপ ধৈৰ্য ধৰিব লাগিব। মই এতিয়া ফোনটো ৰাখোঁ । ইয়াৰ সকলোবোৰ চম্ভালিব লাগিব নহয়। 

ফোনটো কাটি দিলে নয়নে।


      নিকিতাই " কি--- " বুলি দীঘলকৈ চিঞৰ এটা মাৰি কিছু সময় শিল পৰা কপৌৰ দৰে নিশ্চুপহৈ ৰৈ থাকিল । ৰূঢ় বাস্তৱক মনে মানি ল'ব পৰাকৈ  যেতিয়া তাইৰ সম্বিত ঘূৰি আহিল মনৰ জোখাৰে চিঞৰি চিঞৰি কান্দি ঘৰৰ আটাইকে খবৰটো জনালে।  সেই সময়ত তাইৰ ল'ৰা-ছোৱালী দুটা স্কুলৰ পৰা আহি নিজৰ নিজৰ ৰুমে ৰুমে সোমাই বিচনাত বাগৰ দি আছিল। চিলমিল টোপনিত মাকৰ কান্দোন শুনি বিচনাৰ পৰা একপ্ৰকাৰ চুচৰি অহা দি নামি আহিল । দৌৰি গৈ মাকৰ কাষ পালেগৈ ।অকস্মাৎ মাকৰ এই অৱস্থা দেখি দুয়োটা হতভম্ব হ'ল। 

:: কি হ'ল মা ? কি হ'ল তোমাৰ? 

বুলি দুইটা ল'ৰা-ছোৱালীয়ে মাকক সাৱটি ধৰিলে। 

:: কি হ'ব আৰু...? যি হ'ল একেবাৰেই ভাল নহ'ল । সকলো শেষহৈ গ'ল অ'...।

::কি হ'ল? কোৱা না মা ? কি হ'ল?

:: তোমালোকৰ মামী আৰু নাই অ'...। বুলি নিকিতাই পুনৰ কান্দি উঠিল  ।

:: তোমালোকে দেউতালৈ ফোন কৰা। অফিচৰ পৰা সোনকালে আহিবলৈ কোৱা।

কথাটো শুনি ল'ৰা-ছোৱালী দুইটা থৰ হৈ গ'ল। ৰাতিপুৱা অফিচলৈ ওলাই মাকে মামীয়েকলৈ ফোন কৰা শুনিছিল সিহঁতে । এনেকৈও মানুহ মৰিব পাৰেনে? আচৰিত হ'ল সিহঁত। মাকৰ ফোনটো লৈ ল'ৰাটো বাহিৰলৈ ওলাই গ'ল ।ছোৱালীজনীয়ে মাকক সাৱটি ধৰি দুই ধাৰে বৈ অহা চকুৰ পানীখিনি মাকৰ আঁচলখনেৰেই মোহাৰি ল'লে। নিকিতাই বেচ কিছু সময় হেঁপাহ পলুৱাই কান্দি ল'লে । এটা সময়ত নিজে নিজেই তাই শান্ত হ'ল । তেতিয়ালৈ গিৰীয়েক অফিচৰ পৰা আহি ঘৰ পালেহি । গিৰীয়েকক দেখি শোকে খুন্দা মাৰি ধৰিল তাইৰ।  তাই আকৌ চিঞৰি উঠিল । গিৰীয়েকে ইতিমধ্যে সকলো কথা গম পাইছেই। তেওঁ নিকিতাক একো নুসুধিলে। ওচৰতে থকা চকীখনত লাহেকৈ বহুৱাই দিলে নিকিতাক।

:: চোৱা এতিয়া কন্দি-কাটি বাউলী হ'লে নহ'ব।হোৱাটোতো হৈয়ে গ'ল । দুখ কৰি , অস্থিৰ হৈ কোনো লাভ নাই । আমি এতিয়া তালৈ যাব লাগিব । 

গিৰীয়েকৰ কথা কেইটাই তাইৰ মনটোক বহুত সকাহ দিলে। তাই মনটো স্থিৰ কৰি ললে। চকুৰ পানীৰে ডাঠ হৈ পৰা গাল খন চাদৰৰ আঁচল খনেৰে ভালদৰে মোহাৰি ললে।


     যাওঁ বুলিয়েই দুয়োজন ওলাই যাব পৰা পৰিস্থিতিও নহয় তেওঁলোকৰ । দুয়োজনৰে এটা এটা দায়িত্বপূৰ্ণ চাকৰি । তাৰোপৰি গুৱাহাটী মহানগৰীত দিন দুপৰতে চোৰৰ পৰা ঘৰ এৰিব নোৱৰা অৱস্থা। তেনেস্থলত কেইবা ৰাতিৰ কাৰণে ঘৰটো এৰি দুয়োজন যাবও নোৱাৰে । দুয়োজনে আলোচনা কৰি অৱশেষত নিকিতা অকলেই যোৱাটো স্থিৰ কৰিলে । ল'ৰা-ছোৱালী দুটাকো লগত লৈ যাব নাৱাৰে। সিহঁতৰ ছমহীয়া পৰীক্ষা ওচৰ চাপিছে, এই সময়ত স্কুল খটি কৰাটো একেবাৰে অসম্ভৱ। স্কুল কৰ্তিপক্ষই অভিভাবককে জগৰীয়া কৰিব।সকলো ভাৱি-চিন্তি নিকিতা অকলে যোৱাটোকে খাটাং কৰিলে। অফিচৰ বচলৈ ফোন কৰি সবিশেষ জনাই চুটি বিচাৰিলে । বচে লগে লগে চুটি মঞ্জুৰ কৰিলে । একেবাৰে পোন্ধৰ দিনৰ । আৰু এৰাব নোৱাৰা কাম কেইটাৰ দায়িত্ব সহকৰ্মী কেৰাণি জনকে গতালে । গিৰীয়েকে ৰেড বাচৰ টিকট এটা বুক কৰি দিলে। নিকিতাই তাইৰ কাপোৰ কানিৰ লগতে প্ৰয়োজনীয় বস্তু কেইপদ মানো বেগ এটাত ভৰাই ললে ।


    গাড়ীৰ সময় আঠ বজাত। ইতিমধ্যে চাৰে ছয় বাজিলেই । আৰু আধা ঘণ্টাৰ ভিতৰত সকলো সামৰি তাই মাকৰ ঘৰলৈ ওলাই যাব লাগিব । বিষাদেৰে গধুৰ মনটোৰে তাই আজি মাকৰ ঘৰলৈ ওলাইছে । এনেই ঘৰলৈ যোৱা বুলিলে যিমানহে ব্যাপক প্ৰস্তুতি । আজি তাৰ সম্পূৰ্ণ ব্যতিক্ৰম । এটা অস্বাভাৱিক পৰিবেশত তাই ওলায় যাব লগা হৈছে ।ৰাতিপুৱাই অফিচলৈ বুলি পিন্ধা সাজ যোৰেই তাই ওলায় আহিছে। আনকি মূৰটোত ফণিখন বুলাবলৈও তাইৰ মনত জোৰ নাই । 



     বাচত তুলিবলৈ বুলি গিৰীয়েকে তাইক লৈ আহিল । বাচ ষ্টেণ্ডত গাড়ী লাগিয়েই আছিল। নিৰ্দিষ্ট চিট নাম্বাৰটো চাই তাইক চিটত বহুৱাই থৈ ওচৰৰৰ গুমটি খনৰ পৰা ফল-মূল কেইটামান , বুট মগু কেইটামান কিনি আনি তাই লগত লৈ যোৱা বেগটোতে ভৰাই দিলে। গিৰীয়েকে কি আনিছে , কি ভৰাইছে তাই একো লক্ষ্য কৰা নাই । মাত্র খিৰিকীৰে বাহিৰলৈ চাই ভাৰাক্ৰান্ত মনটোৰে তাই বাচৰ চিটত বহি আছে, উদ্দেশ্য মাকৰ ঘৰলৈ যোৱা।


     নিকিতা এজনী অতি সাহসী ছোৱালী। দুখটো, শোকটো সঘনে বিতত হোৱা ছোৱালী নহয় তাই । যি কোনো পৰিস্থিতি চম্ভালি লব পৰা ধৈৰ্য আছে তাইৰ । কিন্তু আজিৰ পৰিস্থিতিটো একেবাৰেই সুকীয়া । এক আচহুৱা , অনাকাংক্ষিত হ'লেও তাই যিমান পাৰে মনটোক বুজাইছে। মনটো সুস্থ সবল কৰি সুদীৰ্ঘ  চাৰিশ কিলো মিটাৰ ৰাস্তা অকলেই আহিবলৈ বুকুত সাহ বান্ধি লৈছে। দুখবোৰ দুখ যেন নলগা হৈছে তাইৰ । সৰুতেই দেউতাকক হেৰুৱাইছে। দেউতাকক হেৰুওৱাৰ পাছত বহুত দুখ কষ্ট মূৰ পাতিলৈ জীৱনটো আগবাঢ়িল । পঢ়া-শুনা শেষ কৰি এটা চাকৰিৰো যোগাৰ কৰি  ললে। তাৰ পাছত বিয়া। বিয়াৰ দুবছৰৰ পাছতেই একমাত্ৰ সহোদৰ ককায়েকক হেৰুৱাইছে । দুখ সহি সহি বুকুখন শিলতকৈও কঠিন হৈ গৈছে। এতিয়া আৰু দুখে কাবু কৰিব নোৱাৰে। যদিও কিছু কিছু সময়ত নিৰাশাই লগ এৰা নিদিয়ে। আজিও তাইৰ তেনে হৈছে। নিৰাশ, উদাস মন এটা  লৈ তাই সুদীৰ্ঘ চাৰিশ কি: মি: ৰাস্তা নৈশ বাচেৰে আগবাঢ়িছে । দীঘলীয়া যাত্রাৰ অন্তত গন্তব্য স্থান পায় নিৰ্দিষ্ট ষ্টপেজত বাচখন ৰ'লহি। " বাইদেউ নামক " বুলি হেণ্ডিমেনে কোৱাৰ লগে লগে বাচৰ পৰা নামি আহিল । ঘৰৰ ৰাস্তাটোত ভৰি দিয়ে অবুজ ভাৱ এটাই মনটোক মোচৰি পেলাইছে। তাই কলৈ আহিছে, কি চাবলৈ আহিছে... ।


          (আগলৈ)

No comments