Breaking News

টীয়কৰ কাকজান ক্ৰীড়া সন্থাৰ খেলপথাৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

অজয় দত্ত,টীয়কঃ সমগ্ৰ ৰাজ্যৰ লগতে টীয়কৰ কাকজান খেলপথাৰতো  অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰিছে।কাকজান ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আৰু কাকজান ক্ৰীড়া সন্থাৰ সহযোগত আজি অনুষ্টুপিয়াকৈ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰিছে।পুৱা ভাগত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্র ছাত্রীসকলে মাৰাথান দৌৰৰ লগতে ক্ৰীড়া সন্থাৰ বিষয় ববীয়াসকলে এক আলোচনাত মিলিত হয়। 

মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ২৬নং কাকজান গাঁও পঞ্চায়তৰ চতুৰ্দশ বৃত্তিয় পুঁজিৰে নিৰ্মিত খেলুৱৈসকল আৰু ৰাইজৰ উপযোগী হোৱাকৈ এটা প্ৰাসাৱ গাৰ উন্মোচন কৰে।

উক্ত অনুষ্ঠানত কাকজান ক্ৰীড়া সন্থাৰ সভাপতি তাবাৰুক হুচেইন, সম্পাদক ৰুপক ৰঞ্জন শইকীয়া, ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি হ্ৰদয়ানন্দ দত্ত,সম্পাদক চিৰাজুল ইছলাম,যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাম প্ৰসাদ ফুকনৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। প্ৰাসাৱ গাৰ নিৰ্মান কৰোতা ভেণ্ডৰ অজয় কুমাৰ দত্তক উপস্থিত থকা সকলো ৰাইজে প্ৰশংসা কৰে।

No comments