Breaking News

মথুৰাপুৰত চৰাইদেউ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস

মৃত্যুঞ্জয় দাস,সোণাৰিঃ মথুৰাপুৰত "চৰাইদেউ প্ৰেছ ক্লাৱ"ৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি  মথুৰাপুৰ চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে  পালন কৰা হয়। ২০১৯ বৰ্ষত স্থাপিত প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষত  পুৱা ৯  বজাত প্ৰেছ ক্লাৱৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱাই পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ক্লাৱৰ যুটীয়া সম্পাদক  মিন্টু তাঁতিয়ে স্মৃতি তৰ্পণ কৰা পাছতে  বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰে ক্ৰমে  ল্যু-শ্যন শ্যাম গোঁহাই,পূৰ্ণজিত ফুকন আৰু শৰৎ কোঁৱৰে ৷ দুপৰীয়া  ক্লাৱৰ সভাপতি  ধ্ৰুৱজ্যোতি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত  হোৱা মুকলি সভাৰ  উদ্বোধন কৰে  সোনাৰি প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদে।

সভাত  সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণত তেওঁ কয় সমাজ এখনৰ উত্থানত সাংবাদিকসকলৰ বহু ভূমিকা থাকে। সময়ে সময়ে সাংবাদিকৰ কলমে সমাজ গঠনত বহু গুৰুত্বপূৰ্ণ আৰু ইতিবাচক ভূমিকা গ্ৰহণ কৰি আহিছে।এটা জাতিৰ উত্থানত যিদৰে সাংবাদিকৰ ভূমিকা আছে,সেইদৰে পতনতো সাংবাদিকসকলৰ অসীম ক্ষমতা আছে। বিধায়ক গৰাকীয়ে সাংবাদিক বন্ধুসকলক উদ্দেশ্যি কয়,আপোনালোকৰ যোগেদিয়ে এখন চৰকাৰে উচিত সিদ্ধান্ত ল'ব পাৰিব ।আমি জনপ্ৰতিনিধি হিচাপে ৰাইজৰ অভাৱ-অভিযোগ সমাধান কৰা আমাৰ কৰ্তব্য।এইক্ষেত্ৰত আপোনাসৱে লেখনিৰ যোগেদি আমাৰ দৃষ্টিগোচৰ কৰাৰ লগতে জনসাধাৰণক উপকৃত কৰি আহিছে বুলি উল্লেখ কৰে৷

যুটীয়া সম্পাদক মিন্টু তাঁতীয়ে আঁত ধৰা সভাখনত  চৰাইদেউ জিলা তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউত, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক প্ৰশান্ত দত্ত,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলাৰ সভাপতি মৃদুল কুমাৰ চাহু,প্ৰাক্তন আছু নেতা শৈলেন ফুকন,ক্লাৱৰ উপদেষ্টা জুবেদ আলি,জ্যেষ্ঠ সাংবাদিক মৃত্যুঞ্জয় দাস আৰু কেইবাগৰাকীও গণ্য মান্য ব্যক্তিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি  শুভেচ্ছা মূলক বক্তব্য ৰাখে৷ উক্ত সভাতে কণমানি শিল্পী দিপান্বিতা বৰুৱাৰ সৃষ্টিশীল নৃত্য পৰিবেশনে সকলোকে মুগ্ধ কৰে।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উক্ত সভাতে বাতৰি কাকতৰ এজেন্ট,বিতৰক আৰু সমাজৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা কেইবাগৰাকীও ব্যক্তিক এখন ফুলাম গামোচা, এটা গছ পুলি আৰু মেমেন্ট'সহ সম্বৰ্ধনা জনোৱা হয়।

ক্লাৱৰ কোষাধ্যক্ষ প্ৰণৱ বৰগোঁহায়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটোত মথুৰাপুৰৰ আচিফুল হুছেইন আৰু আনন্দ গোঁহাই,চফ্ৰাইৰ তোলন চাংমাই,নাফুকৰ অপূৰ্ব কোঁৱৰ আৰু বামুণবাৰীৰ বিজু দিহিঙ্গীয়া এইকেইগৰাকী এজেন্ট-হকাৰৰ লগতে টেঙাপুখুৰীৰ অৰ্কিড সংৰক্ষক অংকু্ৰ ৰাজ গগৈ আৰু শিল্পী দিপান্বিতা বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

No comments