Breaking News

বোকাখাতত পোষণ মাহ উপলক্ষে পুষ্টিকৰ থলুৱা শাক পাচলিৰ প্ৰদৰ্শনী।



অজন্তা তালুকদাৰ, বোকাখাত:  সমগ্ৰ ৰাজ্যতে শিশু, গৰ্ভৱতী মহিলা তথা দুগ্ধ পান কৰাই থকা মহিলাৰ পৰিপুষ্টিৰ বাবে চলিত ছেপ্তেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰা হৈছে। এই পোষণ মাহ উপলক্ষে আজি বোকাখাতস্থিত মুঙ্গীলাল কৃষ্ণাদেৱী বালিকা বিদ্যালয়ত  পশ্চিম গোলাঘাট সংহত শিশু বিকাশ প্ৰকল্প, বোকাখাতৰ উদ্যোগত পুষ্টিকৰ থলুৱা শাক পাচলি আৰু খাদ্য সম্ভাৰৰ এখনি প্ৰদৰ্শনী অনুষ্ঠিত হয়।  এই প্ৰদৰ্শনীৰ উদ্বোধন কৰে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে। প্ৰদৰ্শনীখনৰ শুভাৰম্ভনী কৰি মহকুমাধিপতিগৰাকীয়ে উপস্থিত অংগনৱাড়ী কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয়।  মহকুমাধিপতি ডাঃ যাদৱে মহকুমাটোৰ কোনো শিশুয়েই যাতে পুষ্টি হীনতাত নুভোগে তাৰ প্ৰতি বিশেষ ধ্যান ৰাখিবলৈ প্ৰতিগৰাকী আশা তথা অংগনবাড়ী কৰ্মীসকলক  আহ্বান জনায়। এটি শিশু সুষ্ঠ সবল হবলৈ হলে মাতৃগৰাকী সুষ্ঠ আৰু সবল হোৱাটো খুবেই জৰুৰী বুলি উল্লেখ কৰি মহকুমাধিপতিগৰাকীয়ে গৰ্ভৱতী মহিলা তথা দুগ্ধ পান কৰাই থকা মহিলাৰ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পুষ্টিৰ প্ৰতি লক্ষ্য ৰাখিবলৈকো আহ্বান জনায়। উল্লেখযোগ্য যে, পোষণ মাহ উপলক্ষে সংহত শিশু বিকাশ প্ৰকল্প, বোকাখাতৰ দ্বাৰা অংগনৱাড়ী কেন্দ্ৰসমূহত বৃক্ষ ৰোপন কৰাৰ লগতে  নিউট্ৰি গাৰ্ডেন প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। ইয়াৰ উপৰিও বিভিন্ন স্থানত সুষম খাদ্য আৰু পুষ্টিকৰ শাক-পাচলিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ'ব। আজিৰ অনুষ্ঠানত পশ্চিম গোলাঘাট উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়া দিলীপ চৰকাৰ,  সংহত শিশু বিকাশ প্ৰকল্পৰ বিষয়া প্ৰণৱ বৰা, পোষণ পুনৰ্বাসন কেন্দ্রৰ ডায়েটিশিয়ান শ্বেহনাজ আহমেদ উপস্থিত থাকে।

No comments