Breaking News

জনপ্রিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান

সিদ্ধাৰ্থ সন্দিকৈঃ টেলিভিছনৰ জনপ্রিয় অভিনেতা তথা ৰিয়েলিটী শ্ব' বিগ বছ চিজন-১৩ ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ আজি মৃত্যু হয়। হৃদযন্ত্রৰ ক্ৰিয়া বন্ধ হৈ অভিনেতাজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। 

মাত্র ৪০ বছৰ বয়সতে মৃত্যুক আঁকোৱালি লোৱা অভিনেতা সিদ্ধাৰ্থ শুক্লাই বিগ বছকে ধৰি বালিকা বধু, দিল চে দিল টক আদি জনপ্রিয় হিন্দী ধাৰাবাহিকত নিজৰ বলিষ্ঠ অভিনয়েৰে সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল। 

অভিনেতা সিদ্ধাৰ্থৰ এনে আকস্মিক বিয়োগত হিন্দী টেলিভিছন আৰু চলচ্চিত্র জগতত শোকৰ ছাঁ পৰিছে।

No comments