Breaking News

প্ৰতিষেধক নোলোৱা ব্যক্তি বঞ্চিত হ’ব চৰকাৰী সা-সুবিধাৰ পৰা

পঙ্কজ নাথ,চাংসাৰিঃ"উপযুক্ত ব্যক্তিয়ে কোভিড প্ৰতিষেধক গ্ৰহণ নকৰিলে ভৱিষ্যতে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব৷ গতিকে নিৰ্বাচনী কাঠামোৰ আধাৰত তথ্য সংগ্ৰহেৰে জিলাখনৰ সকলো উপযুক্ত লোককে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰক আৰু ছেপ্টেম্বৰ মাহতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক৷’’– কামৰূপ জিলাত কোভিড প্ৰতিষেধক প্ৰদানৰ স্থিতি সম্পৰ্কত বুজ লোৱাৰ অৰ্থে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত অংশ লৈ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বুধবাৰে এইদৰে কয়৷ সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, জিলা স্বাস্থ্য খণ্ডৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীম কাঠকটীয়াকে সমগ্ৰ জিলাৰ প্ৰশাসনিক বিষয়াবৰ্গ আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগত কোভিড প্ৰতিষেধক প্ৰদান সম্পৰ্কে বুজ লৈ এই কাৰ্য আৰু অধিক ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে এক নতুন নিৰ্দেশনা জাৰি কৰে৷ 

জিলাখনৰ উপযুক্ত এশ শতাংশ  লোককেই প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰিবলৈ এই অভিযান নিৰ্বাচনী কাঠামোৰ আধাৰত গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ তেওঁ কয় যে, প্ৰতিষেধক প্ৰদান কাৰ্য ভোটকেন্দ্ৰ পৰ্যায়লৈ আনকি প্ৰয়োজনত ঘৰে ঘৰে দিয়াৰো ব্যৱস্থা কৰিব লাগিব৷ ইয়াৰ বাবে তথ্য সংগ্ৰহ কৰি সঠিক তালিকা প্ৰস্তুত কৰিবলৈ বি এল অ’, গাঁওবুঢ়া আৰু আশাকৰ্মীসকলক বিশেষভাৱে নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে৷ মন্ত্ৰীগৰাকীয়ে এই অভিযান আৰম্ভ কৰিবলৈ তৎকালীনভাৱে সকলোকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে সকলো দৰকাৰী তথ্য সংগ্ৰহৰ বাবে এখন প্ৰপত্ৰ প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে৷ 

এনেদৰে সংগ্ৰহ কৰা তথ্যৰ আধাৰত পুনৰ এক অভিযান আকাৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ বাবে প্ৰতিষেধকৰ কোনো নাটনি নহয় বুলি উল্লেখ কৰি এই ব্যৱস্থা সম্পূৰ্ণ হোৱালৈকে বৰ্তমানৰ পদ্ধতিত প্ৰতিষেধক প্ৰদান কাৰ্য চলাই থাকিবলৈ তেওঁ আহ্বান জনায়৷ এই অভিযানত কোভিড পৰীক্ষাৰ ক্ষেত্ৰতো উপযুক্ত ব্যৱস্থা ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ আনহাতে জনসাধাৰণৰ সুবিধাৰ্থে জিলাখনত ২৪ ঘণ্টীয়া প্ৰতিষেধক প্ৰদান ব্যৱস্থা উপলব্ধ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে৷ 

তদুপৰি বিদ্যালয়-মহাবিদ্যালয় খুলিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিষ্ঠানসমূহত থকা প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ উপযুক্ত স্থান নিৰ্দ্ধাৰণৰ ক্ষেত্ৰতো তৎকালীন ব্যৱস্থা ল’ব লাগিব বুলি তেওঁ উনুকিয়াই দিয়ে৷ সভাত অংশ লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডাঃ এছ লক্ষ্মণনে এই অভিযানৰ বাবে কমেও ২০০ ৰ পৰা ২৩০টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ সক্ৰিয় কৰি ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়৷  ইয়াৰ বাবে প্ৰয়োজনত এটা খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ কৰ্মচাৰীসকলক আন কেন্দ্ৰলৈ পঠিওৱাৰো ব্যৱস্থা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷          

পৰ্যালোচনাৰ অন্তত যোৱা আগষ্ট মাহৰ প্ৰতিষেধক প্ৰদানৰ পৰিসংখ্যা ৩.৫ লাখতকৈ অধিক কৰিবলৈ সক্ষম হোৱাত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে আৰু এই প্ৰক্ৰিয়াৰ লগত জড়িতসকলক চৰকাৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰে৷ সভাত স্বাস্থ্য বিভাগৰ সঞ্চালক মুনীন্দ্ৰ নাথ নাটে, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী আৰু প্ৰশাসনিক বিষয়া পমি বৰুৱাও উপস্থিত থাকে৷  

পৰ্যলোচনা সভাৰ পিছতে গুৱাহাটী আই আই টিৰ প্ৰতিনিধিসকলে এই প্ৰতিষ্ঠানৰ অধীনত স্থাপন কৰিবলৈ লোৱা 'School of Health Science & Technology' সম্পৰ্কে পাৱাৰ পইণ্ট প্ৰেজেণ্টেছনৰ জৰিয়তে মন্ত্ৰীগৰাকীক অৱগত কৰে৷ মন্ত্ৰী মহন্তই এই পদক্ষেপৰ শলাগ লয় আৰু অসম চৰকাৰে এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মন্তব্য প্ৰদান কৰে।

No comments