Breaking News

অসম গণিত শিক্ষায়তন (অগশি),গোলাঘাট শাখাৰ প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম গণিত শিক্ষায়তন (অগশি), গোলাঘাট শাখাৰ বুধবাৰ অৰ্থাৎ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ২০১৮ চনৰ এই তাৰিখতে অগশি, গোলাঘাট শাখা প্ৰতিষ্ঠা কৰা হৈছিল। সেয়ে,গধূলি ৭ বজাত 'গোগোল মিট'ৰ মাধ্যমত অগশি, গোলাঘাট শাখা আৰু  'গণিতৰ সৈতে খেলো আঁহা', গণিত ক্লাবৰ সমূহ বিষয়ববীয়া আৰু সদস্যৰ উপস্হিতিৰে শাখাৰ 'তৃতীয় বৰ্ষপূৰ্তী' অনুষ্ঠান পালন কৰা হয়। অনুষ্ঠানত শাখাৰ যোৱা তিনিটা বৰ্ষৰ কৰ্মৰাজিৰ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক অলিম্পিয়াড পৰীক্ষা আৰু শাখাৰ ভবিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰা হয় । 

উক্ত অনুষ্ঠানত অগশি ৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন আৰু বৰ্তমানৰ সভাপতি-সম্পাদকৰ লগতে অগশিৰ কিছু সংখ্যক শাখাৰ বিষয়ববীয়া আৰু সদস্যসকলেও অংশগ্ৰহণ কৰে। যোৰহাটৰ কাকলি বৰঠাকুৰৰ গীতেৰে সভাখন আৰম্ভ হয়। প্ৰাক্তন সম্পাদক সিদ্ধাৰ্থ প্ৰতিম গগৈ আৰু সম্পাদক শৈলেন দত্ত বৰুৱাই আঁত ধৰা অনুষ্ঠানত গোলাঘাট শাখাৰ সভাপতি ডঃ বিপুল চন্দ্ৰ ভূঞাই সকলোকে  আদৰণি  জনায়। 

তাৰ পিছতেই  'IIT GUWAHATI' ৰ গণিত বিভাগৰ অধ্যাপক,ৰেংলাৰ অনুপম শইকীয়া আৰু অসমৰ গণিত অলিম্পিয়াডৰ সৈতে জড়িত সকলৰ বাবে এক চিনাকি নাম, মেধাৱী ছাত্ৰ, ৰামানুজন ফেলʼ প্ৰাপ্ত অয়ন নাথ ও উপস্হিত থাকি বহুমূলীয়া ভাষণ প্ৰদান কৰে। 

অনুপম শইকীয়া আৰু অয়ন নাথে গণিত কেৰিয়াৰ, গণিতৰ প্ৰশ্ন এটাৰ সমাধান কেনেদৰে কৰা উচিত, গণিত অলিম্পিয়াড পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি কৰিব লাগে আদি বিষয়ত আলোকপাত কৰাৰ লগতে এইকেইটা বিষয়ত ছাত্ৰ-শিক্ষক-অভিভাৱকৰ  বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।

No comments