Breaking News

ধনশিৰি মহকুমাক জিলা ঘোষণাৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ

 



অসমৰ মানচিত্ৰত এক অন্যতম আৰু প্ৰধান মহকুমা হৈছে ধনশিৰি মহকুমা । 275.0904 বৰ্গ  কিলোমিটাৰ এলেকাই আগুৰি থকা বৃহৎ মহকুমাটো বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বসতিস্থল । 2011 চনৰ লোকপিয়ল অনুসৰি মহকুমাটোৰ জনসংখ্যা হৈছে 1,20,873 জন। লগতে মহকুমাটোৰ অসম নাগালেণ্ড সীমান্ত অঞ্চলত এ, বি আৰু চি নামেৰে তিনিটা ছেক্টৰ থকাৰ উপৰিও বনাঞ্চলৰ অন্তভূক্ত বহু গাঁও আছে।  তিনিও দিশৰ পৰা দৈয়াং আৰু ধনশিৰি নদীয়ে আগুৰি থকা মহকুমাটো সীমামূৰীয়া হোৱাৰ বাবেই দীৰ্ঘদিনৰ পৰা স্বাভাবিক উন্নয়নৰ পৰা বাদ পৰি ৰৈছে । অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত ৰাইছে দীৰ্ঘদিনৰ পৰা মহকুমাটোক জিলা ঘোষণাৰ দাবী তুলি আহিছে । মহকুমাটোক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰাৰ বাবে আজি ধনশিৰি মহকুমা চুতীয়া  ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা আৰু 94 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক  বিশ্বজিত ফুকনলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ধনশিৰি মহকুমাৰ  মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ খনৰ জৰিয়তে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই শীঘ্ৰেই মহকুমাটোক এখন পূৰ্ণাঙ্গ জিলা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰে । উল্লেখযোগ্য যে  ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিজিৎ শইকীয়া  আৰু ভাৰপ্ৰাপ্ত সভাপতি মানসজ্যোতি শইকীয়াৰ স্বাক্ষৰ সম্বলিত  স্মাৰক পত্ৰ খনৰ  জৰিয়তে তেওঁলোকৰ জিলা ঘোষণাৰ দাবীৰ ওপৰত  অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থত শীঘ্ৰেই যোগাত্মক ব্যৱস্থা গ্ৰহণ কৰিব বুলি ছাত্ৰ সংগঠনটোৱে আশা প্ৰকাশ কৰে

No comments