Breaking News

নুনমাতিস্থিত আই অ চি এল ছেক্টৰ ১ক জাৱৰমুক্ত স্থান হিচাপে ঘোষণা আৰ্থফুল ফাউণ্ডেশ্যনৰ 'প্ৰজেক্ট গুড ৱেইষ্ট'ৰ


ডিজিটেল সংবাদ,নুনমাতিঃ  নুনমাতিস্থিত  আই অ চি এল ছেক্টৰ ১ক আৰ্থফুল ফাউণ্ডেশ্যনৰ 'প্ৰজেক্ট গুড ৱেইষ্ট' ৰ সফল ৰূপান্তৰৰ ফলস্বৰূপে ৯ চেপ্তেম্বৰ,২০২১ত জাৱৰমুক্ত স্থান হিচাপে ঘোষণা কৰা হয়। এই প্ৰক্ৰিয়াৰ জৰিয়তে তাত অৱস্থিত বাসিন্দাৰ লগতে ছাফাইকৰ্মী সকলোকে তিনিটা ৰঙৰ ডাস্টবিন বিতৰণ কৰা আৰু জাৱৰ পৃথকীকৰণৰ প্ৰশিক্ষণ দিয়া হৈছিল।য'ত আৰ্থফুল ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তা সকলে গৈ সংগৃহীত জাৱৰবোৰ নিৰীক্ষণ কৰিছিল আৰু ৯৫% ঘৰেই জাৱৰ পৃথক কৰি দিয়া দেখা গৈছিল।ইয়াৰ পিছত তাৰেই অন্যতম ভাগ হিচাপে ৰখা সজল জাৱৰৰে 'কম্পষ্ট' অৰ্থাৎ মিশ্ৰিত/ জৈৱিক সাৰ তৈয়াৰ কৰা হয় আৰু ইয়াক তাৰেই বাসিন্দাৰ মাজত বিতৰণ কৰা হয়। আনফালে বাকী অংশৰ জাৱৰখিনি উপাদান অনুযায়ী সংশ্লিষ্ট  ঠাইলৈকে পুনৰ ব্যৱহাৰোপযোগী কৰি তুলিবলৈ পঠিয়াই দিয়া হয়।জাৱৰ পৃথকীকৰণ কৰা ঠাই যি আগতে আবর্জনাৰ স্তুপ আছিল, সেই  ঠাইত এক সুন্দৰ উদ্যানৰ নিৰ্মাণ কৰা হয়। গুৱাহাটী পৌৰনিগমৰ জইন কমিছনাৰ সত্যজ্যোতী বৰুৱা আৰু আই অ চি এল, গুৱাহাটীৰ এক্সিকিউটিভ ডিৰেক্টৰ এছ. পী. সিংহই ঠাইতো উদ্বোধন কৰে। বৰুৱাই কয় যে তেওঁ এই প্ৰজেক্টটো জাৱৰ ব্যাৱস্থাপনৰ মডেল হিচাপে গুৱাহাটী পৌৰনিগমলৈ  উপস্থাপন কৰিব আৰু আনহাতে এছ. পী.সিংহই কয় যে এই প্ৰজেক্ট টো স্থানিয় বাসিন্দাৰ সহায়ৰ লগতে ইয়াৰ সুন্দৰ পৰিকল্পনাৰ বাবে সম্ভৱ হয়।

No comments