Breaking News

গোৱালপাৰা জিলাৰ দুধনৈত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

 

গোৱালপাৰা জিলাৰ দুধনৈত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা আয়ুৰ্বেদিক চিকিৎসালয়খন আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এই চিকিৎসালয় চৌহদ পৰিদৰ্শন কৰি ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু কেন্দ্ৰীয় আয়ুষমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সন্মতিৰ ভিত্তিত এই চিকিৎসালয় চৌহদতে এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপনৰ বাবে   লোৱা সিদ্ধান্ত কাৰ্যকৰীকৰণৰে জৰিত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে। গুৱাহাটীত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ পিছতে ৰাজ্যত স্থাপন হ'বলগা এই দ্বিতীয়খন পূৰ্ণ পৰ্যায়ৰ আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ জৰিয়তে  সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ উপকৃত হব বুলি পৰিদৰ্শনকালত সংবাদ মাধ্যমৰ আগত আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। আজিৰ  পৰিদৰ্শন কালত স্বাস্থ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, সচিব তথা ৰাজ্যিক আয়ুষ মিছনৰ সঞ্চালক হেমেন দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, স্বাস্থ্য বিভাগৰ উপ-সচিব  কমলজিৎ তালুকদাৰৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াবৰ্গ আৰু দুধনৈৰ ৰাজহ চক্ৰ বিষয়াও।

No comments