Breaking News

ভাটনাগৰ বঁটা বিজয়ী ড° বিনয় কুমাৰ শইকীয়াক সম্বৰ্দ্ধনা



ডিজিটেল সংবাদ,গোলাঘাটঃ শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা দেৱৰাজ ৰয় কলেজৰ প্ৰাক্তন ছাত্ৰ বিশিষ্ট বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াক আজি যোৰহাটৰ NEIST ৰ তেওঁৰ কাৰ্যালয়ত মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় ৷ দেৱৰাজ ৰয় কলেজৰ হৈ অধ্যক্ষ ড° পুতুল চন্দ্ৰ শইকীয়াৰ লগতে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰছাত্ৰী কোষৰ সভাপতি দেৱজিৎ ফুকন আৰু সম্পাদক হেমন্ত শইকীয়াই গামোচা শৰাই আৰু অভিনন্দন পত্ৰৰে সম্ভাষণ জনায়৷ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা ১৯৯৮ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা গোলাঘাটৰ জোনাকী নগৰৰ বিনয় কুমাৰ শইকীয়াই ভাৰতবৰ্ষৰ নোবেল বঁটা ৰূপে জনাজাত শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰাত দেৱৰাজ ৰয় কলেজৰ পৰিয়ালৰ লগতে সমগ্ৰ গোলাঘাটলৈ আনন্দ কঢ়িয়াই আনিছে ৷ আজি দেৱৰাজ ৰয় কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৃপেন কুমাৰ বৰুৱা আৰু অধ্যাপক জ্যোতি প্ৰসাদ দত্তও সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৷

No comments