Breaking News

ব্ৰজপাত পৰি ওৰে নিশা জ্বলি থাকিল এজোপা গছ

মাধুৰ্য কোঁৱৰ,ধনশিৰিঃবৰুণ দেৱতাৰ কোপদৃষ্টিয়ে লগ এৰা নাই ধনশিৰি মহকুমাবাসীক।দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ বাবে মহকুমাটোৰ কৃষক ৰাইজৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজতো হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। সেউজীয়া হ'ব লগা ধাননি পথাৰত এতিয়া   চিৰাল ফাট। আনহাতে শাক পাচলি খেতিৰ কথা ভাবিবই পৰা নাই খেতিয়ক ৰাইজে । তাৰ মাজতেই যেন অকণমান সহানুভূতি উপজিল বৰুণ দেৱতাৰ।মঙলবাৰে মাজনিশা  ধুমুহা গাজনিৰে  আহিল এজাক মুষলধাৰ বৰষুণ। শোৱা পাটিৰ পৰাই স্বস্তিৰ নিশ্বাস পেলালে ৰাইজে। 

কিন্তু তাৰ মাজতেই বৰপথাৰ নগৰৰ মাজমজিয়াত ঘটিল এক অঘটন। মাজনিশা বৰষুণ আৰু  প্ৰচণ্ড ধুমুহা গাজনিৰ লগতে অহা  ব্ৰজপাত পৰিল এজোপা প্ৰকাণ্ড  গছত । দাউ দাউকৈ জ্বলি উঠিল গছজোপা। বৰপথাৰ নগৰৰ কালীবাৰীৰৰ মুল পথৰ কাষতে প্ৰায় ডেৰশ বছৰ  পুৰণি চতিয়না গছজোপা জীৱিত অৱস্থাত নাছিল যদিও  শুকাই থকাৰ বাবেই  গছজোপা ব্ৰজপাতত  বেছিকৈ জ্বলি উঠে । জুই দেখি  কাষৰে ব্যক্তি এজনে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। নিশাই অগ্নিনিৰ্বাপক বাহিনী আহে যদিও যথেষ্ট  ওখ আৰু ওপৰৰ অংশৰ পৰা জুই জ্বলি থকাৰ  বাবে পুৱাৰ ভাগলৈকে চেষ্টা চলায়ো  জুই নুমুৱাবলৈ সফল নহ'ল। 

জুইৰ প্ৰকোপ দেখি  ওচৰৰ ব্যৱসায়ীসকলে দোকান খুলিবলৈ সাহস কৰা নাছিল লগতে অঘটনৰ আশংকাত  পথচাৰীয়েও উক্ত পথেৰে যোৱাৰ পৰা বিৰত আছিল।শেষত  প্ৰশাসনৰ সহযোগত গছজোপা কাটি পেলোৱাৰ পিচতহে জুই নুমুৱাবলৈ সফল হ'ল।

No comments