Breaking News

গোলাঘাট ঘিলাধাৰী আৰক্ষী থানাত মূৰত গুলীয়াই আত্মহত্যা কৰ্তব্যৰত আৰক্ষী জোৱানৰ



বাবুল দাস,মেৰাপানীঃ গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা। ৰহস্যজনকভাৱে নিজৰ মূৰত গুলিয়াই আত্মহত্যা ASRF জোৱানৰ।কৰ্তব্যৰত অৱস্থাত ঘিলাধাৰী থানাৰ নিজ বেৰেকত এটা 7.62 mm SLR ৰাইফলেৰে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে জোৱানজনে। পুৱতি নিশা ৩ বাজি ৫০ মিনিটত জোৱানজনে সংঘটিত কৰে এই ঘটনা।গুলিৰ শব্দত উচপ খাই উঠে বেৰেকত থকা অন্য জোৱানসকল। ঘটনাস্থলীত থানাৰ বিষয়ববীয়াসকল আহি উপস্থিত হয়।জোৱানজন ২ নং ASRF বেটেলিয়নৰ বুলি জানিব পৰা গৈছে। আত্মহত্যাৰ কাৰণ এতিয়ালৈও জানিব পৰা হোৱা নাই। জোৱানজনৰ নাম মনোৰঞ্জন সিনহা আৰু বয়স ৫৭ বছৰ বুলি জানিব পৰা গৈছে।

No comments