Breaking News

গোলাঘাট জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু বিভাগসমূহৰ কাম-কাজৰ বুজ লয় মন্ত্ৰী যোগেন মহনে


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু বিভাগসমূহৰ কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে জিলাখনত উপস্থিত হোৱা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য এলেকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে বুধবাৰে গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় পৰিদর্শন কৰে। তেওঁ চক্ৰ বিষয়া আৰু মণ্ডলসকলৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা তথা মত বিনিময় কৰে। তেওঁ কয় যে দুৰ্নীতিমুক্ত প্ৰশাসন ব্যৱস্থা গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰে যি পদক্ষেপ লৈছে তাৰে অংশৰূপে মধ্যভোগীসকলক সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ বাবে প্ৰতিজন বিষয়া আৰু কৰ্মচাৰীয়ে প্ৰয়াস চলাব লাগিব ।  তেওঁ ৰাইজক সঠিক তথ্য প্ৰদান তথা কোনো পক্ষপাতমূলক স্থিতি গ্ৰহণ নকৰিবলৈ বিষয়া আৰু মণ্ডলসকলৰ প্ৰতি আহ্বান জনায় । 

তেওঁ মিছন বসুন্ধৰাৰ ৰূপায়ন সন্দৰ্ভত কয় যে প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে আন্তৰিকতাৰে আৰু দায়িত্বসহকাৰে কাম কৰিলেহে প্ৰশাসন ব্যৱস্থাটো স্বচ্ছ আৰু সুচলভাৱে চলি থাকিব । সমগ্ৰ ব্যৱস্থাটোক ৰাইজৰ ওচৰ চপাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে সঁহাৰি জনাব লাগিব। তেতিয়াহে ৰাজহ বিভাগটোৰ প্ৰতি মানুহৰ আস্থা বৃদ্ধি পাব বুলি তেওঁ মত প্ৰকাশ কৰে । 

তেওঁ কয় যে ২ অক্টোবৰত সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হ'বলগীয়া মিছন বসুন্ধৰাৰ অধীনত ভূমি সম্পৰ্কীয় সকলো বিষয় তথা তথ্য-পাতি ডিজিটাইজ কৰা হ'ব যাতে মধ্যভোগী ব্যৱস্থাটো সম্পূৰ্ণৰূপে নোহোৱা কৰিব পৰা যায় ।মন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদর্শনকালত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ক্ৰমে মুন গগৈ, পল্লৱী গগৈ, কুলদীপ হাজৰিকা আৰু চক্ৰ বিষয়া কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে নগৰখনৰ ক্লাৱ মিছন ৰোডত থকা ১৯ নম্বৰ অংগনৱাড়ী কেন্দ্ৰটো পৰিদৰ্শন কৰি বিভিন্ন অভাৱ-অভিযোগৰ বুজ লয় । তেওঁ তাত থকা কণ কণ ল'ৰা-ছোৱালীহঁতৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকক পুষ্টিকৰ খাদ্য আৰু স্বাস্থ্যৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত কেনেদৰে জ্ঞান দিব পাৰি এই বিষয়ে অংগনবাড়ী কেন্দ্ৰটোৰ বিষয়ববীয়া, কৰ্মী-সহায়িকাসকলৰ সৈতে কথা পাতে । 

মন্ত্ৰীগৰাকীয়ে বুধবাৰে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ো পৰিদৰ্শন কৰে । তেওঁ শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি কয় যে শিক্ষাদান এটা পৱিত্ৰ বৃত্তি । কেৱল শিক্ষাদানেই নহয়, সমাজখনক এটা সুস্থ ৰূপ দিয়াত শিক্ষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । তেওঁ শিক্ষক-শিক্ষয়িত্ৰীসকলক সমাজৰ একোগৰাকী অভিভাৱক হিচাপে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ কেইবাটাও শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । 

ইয়াৰ পিছতে তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ অধীনৰ কমাৰকছাৰী পানীযোগান আঁচনিখন পৰিদৰ্শন কৰি অঞ্চলটোৰ দুশৰো অধিক পৰিয়ালক পানী যোগান ধৰি থকা আচঁনিখনৰ সঠিক ৰূপায়ন সন্দৰ্ভত বুজ লয় । তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি জল জীৱন অভিযানৰ অধীনত প্ৰতিটো পৰিয়ালে বিশুদ্ধ পানী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ হ'লে বিভাগটোৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে দায়বদ্ধতাৰে কাম কৰিব লাগিব । 

মন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে দেৰগাঁও সমূহীয়া স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি ক'ভিডৰ প্ৰতিষেধক প্ৰদান ব্যৱস্থা আৰু চিকিৎসালয়খনৰ আন্তঃগাঁথনি সম্পৰ্কে বুজ লয় । মন্ত্ৰীগৰাকীক জিলাখনৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই প্ৰতিষেধক প্ৰদান সন্দৰ্ভত বিতংভাৱে অৱগত কৰায় । তেওঁ চিকিৎসালয়খনৰ চিকিৎসক, স্বাস্থ্যকর্মী আৰু ৰোগীসকলৰ সৈতেও মত বিনিময় কৰে।

No comments