Breaking News

সেমেকা স্মৃতিৰ সুবাস: পঞ্চম খণ্ড


 

সেমেকা স্মৃতিৰ সুবাস~৫ম খণ্ড

                                মালবিকা শৰ্মা, ভুবনেশ্বৰ


    ৰাতিপুৱাৰ পৰাই কিনকিনিয়া বৰষুনজাক দি আছে। পৈত্ৰিক ঘৰখনত অনুষ্ঠানলৈ অহা আত্মীয়-স্বজনৰ প্ৰায়বোৰেই নিজৰ ঘৰলৈ উভতি গৈছে। বেছ কিছুদিন হ’ল মলয়ৰ ইয়ালৈ অহা। আজি কিবা প্ৰকাৰে ববিতাৰ লগত দেখা হৈ গ’লে সিও নিজৰ কৰ্মস্থানলৈ উভতি যাব পাৰে। ইয়াৰ মাজতে অফিচৰপৰা দুবাৰ ফোন আহিছেই।

মলয়ে শাৰীৰিক অষুষ্ঠতাৰ অজুহাত দি থৈছে যদিও আৰু কিমানদিন এনেদৰে থাকিব।

      খুৰীয়েকৰ হাতৰ তৈয়াৰী সুস্বাদু লুচি-তৰকাৰী খাই উঠি মলয়ে বজাৰলৈ যাও বুলি হাতত চাটিটো লৈ ঘৰৰপৰা ওলাই আহিল। প্ৰথমতে বজাৰলৈ গৈ সি দোকানৰপৰা লাগতিয়াল সামগ্ৰী কিছুমান কিনিলে আৰু তাৰপৰা ববিতাৰ ঘৰৰ উদ্দেশ্যে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। বৰষুনত এনেদৰে খোজ কাঢ়ি ভালেই লাগিছে। ববিতাহতৰ ঘৰটো পাই সি সন্মুখৰ সৰু বাৰাণ্ডাখনত চাটিটো শুকাবলৈ মেলি দি কলিংবেলটো বজালে। চাৰিওপিনে চন্দন ধূপৰ সুবাস বিয়পি পৰিছে, মাকে পূজা কৰি আছে নিশ্চয়, সি মনতে ভাৱিলে।

      দুৱাৰখন খুলি মানুহ এজনী থিয় দি তাৰ পিনে বেছ আচৰিত হৈ চাই আছে। সুন্দৰ চকুহালে হয়তো সন্মুখত কি দেখিছে মানি লৱ পৰা নাই। মলয়ে তাইলৈ চালে, কোনো ধৰনৰ পৰিবৰ্তন হোৱা নাই। ইমান বছৰ পাৰ হৈ হোৱাৰ পিছতো দেহৰ বান্ধোন আগৰ দৰেই আছে। বুকুৰ কোনোবাখিনিত বিষোৱা যেন অনুভৱ হ’ল তাৰ। ভালে আছা? দীঘলকৈ উশাহটো লৈ সি ববিতাক সুধিলে। সুন্দৰ চকুহালত আশ্চৰ্য্যৰ পৰিবৰ্তে এতিয়া বেছ কিছু বিষন্নতাই দেখা দিছে।

    এক মুহুৰ্ত মনেমনে থাকি নিজকে সংযত কৰি লৈ সেই আগৰ দৰেই ববিতাই তাইৰ নিজস্ব ৰাংঢালি ধৰনেৰে কৈ উঠিল- আৰে তুমি, ইমান বছৰৰ মুৰত। আহা ভিতৰলৈ আহা। তাৰ উত্তৰ শুনালৈ অপেক্ষা নকৰি তাই তাক হাতত ধৰি টানি নিয়াদি  ভিতৰলৈ লৈ গ’ল। কোনো সংকোচ নকৰাকৈ তাই তাৰ হাতত ধৰাত এক মুহুৰ্তৰ বাবে মলয়ৰ মনত ভাৱ হ’ল ইমান বছৰৰ দুৰত্ব আছলতে হয়তো এটা দুঃস্বপ্নহে আছিল। সিহত দুটা যেন এতিয়াও সেই কলেজতে পঢ়ি আছে। পাহৰি যাবলৈ চেষ্টা কৰি থকা অতীতৰ সকলো কথাবোৰ জীৱন্ত হৈ যেন আকৌ এবাৰ জীৱনলৈ ফিৰি আহিছে।(আগলৈ)



লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক -

https://www.facebook.com/malabika123

No comments