Breaking News

বাঘজানৰ ভৱিষ্যৎ কি ? সংবাদ মেল আয়োজন কৰি যুৱ সংঘই তুলাধুনা দিলে অইলক

ৰবীন মৰাণ,পেঙেৰীঃ 'বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ'ৰ উদ্যোগত বাঘজান গাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি বাঘজান কাণ্ডৰ পৰৱৰ্তী কালৰ ভয়াবহ পৰিস্থিতি সন্দৰ্ভত আলোকপাত কৰে।সংবাদমেলৰ আৰম্ভণিতে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উপদেষ্টা মনোজ হাজৰিকাই কয় যে বিগত বৰ্ষৰ ২৭ মে' তাৰিখে বাঘজানৰ ৫ নং অইল-গেছৰ খাদত ঘটা অঘটনটোৰ উত্তেজনা মাৰ নৌযাওঁ‌তেই উক্ত বিস্ফোৰিত খাদটোৰ গেছৰ চাপতকৈও অধিক চাপযুক্ত আন এটা বাঘজানৰ মাজমজিয়াত থকা ১ নং ৰিগত 'ৱৰ্ক অভাৰ' ৰ কাম অব্যাহত ৰাখিছে। অইল ইণ্ডিয়া লিমিটেডে সম্পূৰ্ণ মইমতালিৰে বাঘজান গাঁওবাসীৰ অজ্ঞাতে পুনৰ ৱৰ্ক অভাৰৰ অভিযান অব্যাহত ৰখাটো কম পৰিতাপৰ কথা নহয়। তেওঁ কয় যে অইল ইণ্ডিয়া লিমিটেডে এছিয়া খ্যাত জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ মাগুৰি মতাপুং বিল আৰু পৃথিৱী বিখ্যাত নদীদ্বীপ ৰাষ্ট্ৰীয় উদ্যান 'ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান'ৰ জৈৱ বৈচিত্ৰ্যক ধ্বংসৰ মুখলৈ ঠেলি দিলে। অতি গুৰুত্বপূৰ্ণ কথা যে অইল ইণ্ডিয়া লিমিটেডে বাঘজানত চলাই থকা কাৰ্য-কলাপে ভাৰত চৰকাৰৰ জল আইন, বায়ু আইন আদি উলংঘা কৰি আহিছে। 

আনহাতে,মাগুৰি পক্ষী বিলৰ নিচেই কাষতে স্থাপন কৰা 'টি বি কে' খাদটোৰ সন্দৰ্ভত মনোজ হাজৰিকাই কয় যে মাগুৰি মতাপুং বিলৰ জৈৱ-বৈচিত্ৰ্যক ধ্বংস কৰিব পৰা খাদটো স্থাপন কৰিবলৈ কোনো ধৰণৰ আনুষ্ঠানিক  আপত্তি বিহীন প্ৰমাণ পত্ৰ লাভ কৰা নাই। ইয়াৰ পিছতে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সভাপতি সত্যজিৎ মৰাণে বাঘজান অঞ্চলৰ কাৰণে বিগত বৰ্ষত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰ কিমান দূৰ আগবাঢ়িছে বুলি প্ৰশ্ন উত্থাপন কৰে। অঞ্চলটোত হৈ থকা খহনীয়া প্ৰতিৰোধৰ কাৰণে চৰকাৰে  প্ৰায় ২৭ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল যদিও তাৎপৰ্যপূৰ্ণভাৱে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডাঙৰী নদীৰ খহনীয়া ৰোধৰ বাবে ৪ কোটি টকাৰ ব্যয় সাপেক্ষে আধাৰশিলা স্থাপন কৰাৰ পিছতো আজি পৰ্যন্ত ফুটাকড়ি এটাও খৰচ কৰা হোৱা নাই বুলিও মৰাণে আক্ষেপ কৰে। আনহাতে অভিলাষী আঁচনিসমূহৰ ভিতৰত এখন ঔদ্যোগিক প্ৰতিষ্ঠান, এখন উন্নতমানৰ চিকিৎসালয়, হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰ, পৰ্যটন উদ্যোগকে ধৰি বহুকেইটা দিশ সামৰি  বাঘজানবাসীক ৰূপায়ণৰ আশ্বাস দিছিল। কিন্তু সেই ঘোষণা কেৱল ঘোষণা হৈয়ে ৰল। 

সংঘৰ অন্যতম উপদেষ্টা কমল বৰুৱাই যোৱা ২৪ জুলাইত বাঘজান গাঁওবাসীয়ে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থকা অৱস্থাত চৰকাৰী বাহিনীয়ে নিৰীহ জনগণৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰা বিষয়টো উত্থাপন কৰে। ৫ নং খাদত বিস্ফোৰণৰ ভয়াৱহতাৰ সম্পৰ্কে কমল বৰুৱাই কয় যে খাদটোৰ পৰা নিৰ্গত হোৱা বিষাক্ত কণ্ডেণছেটে মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণ ৰূপে ধ্বংস কৰি পেলালে। উল্লেখযোগ্য যে মাগুৰি মতাপুং বিলত স্থানীয়ভাৱে প্ৰজনন ঘটাই বংশ বৃদ্ধি কৰা কেইবিধ মাছ সম্পূৰ্ণৰূপে নিঃশেষৰ পথত। অন্যহাতে বৰুৱাই উক্ত অঞ্চলত তুলনামূলকভাৱে বিগত বছৰ বোৰতকৈ খহনীয়াৰ প্ৰকোপ বৃদ্ধিৰ কাৰণ ব্যাখ্যা কৰে। তেওঁ কয় যে যিহেতু অইল ইণ্ডিয়া লিমিটেডৰ ৫ নং খাদটোৰ বিস্ফোৰণৰ দিনাৰ পৰা একেৰাহে ১৭৩ দিন ধৰি অঞ্চলটো ভূমিত তিনি/চাৰি ৰিখটাৰ স্কেলৰ কম্পন চলি থাকিল। ফলস্বৰূপে এই অঞ্চলৰ মাটিত আভ্যন্তৰীণভাৱে ধাৰণ শক্তিৰ কুপ্ৰভাৱ পেলায়। 

গতিকে অঞ্চলটোত খহনীয়াৰ ব্যাপকতা বৃদ্ধি পাব ধৰিছে। কমল বৰুৱাই এটা মৰ্মান্তিক ঘটনা সম্পৰ্কে সাংবাদিক সকলক অৱগত কৰি কয় যে যোৱা ২৪ ছেপ্টেম্বৰ তাৰিখে মাগুৰি বিলৰ কাষত স্থাপিত হোৱা টি বি কে খাদত বাঘজান গাঁৱৰ যুৱক, গাড়ী চালক ত্ৰিদীপ কিৰণ মৰাণ আৰু অইলৰ এজন পহৰাদাৰীৰ মাজত তৰ্ক- বিতৰ্কৰ সূচনা হয়। পহৰাদাৰীজনে সুযোগ বুজি ২৫ ছেপ্টেম্বৰৰ নিশা ভাত খাবলৈ লোৱা অৱস্থাত ত্ৰিদীপক মূৰত মাৰি গুৰুতৰভাৱে আঘাত কৰে। বৰ্তমান আঘাতপ্ৰাপ্ত যুৱক ত্ৰিদীপ কিৰণ ডিব্ৰুগড়স্থিত শ্ৰীমন্ত শংকৰদেৱ চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হৈ আছে। উক্ত ঘটনাৰে জড়িত দোষীক শাস্তি নিদিয়া পৰ্যন্ত আৰু ত্ৰিদীপ কিৰণৰ চিকিৎসা ব্যয়ৰ লগতে ভৱিষ্যৎ জীৱনৰ আৰ্থিক নিৰাপত্তাৰ ব্যৱস্থা নকৰা পৰ্যন্ত অইলৰ কাম-কাজ চলাবলৈ দিয়া নহ'ব বুলি সদম্ভে ঘোষণা কৰে সংবাদমেলত। সংবাদমেলৰ শেষৰ ফালে মনোজ হাজৰিকাই এছিয়া গৌৰৱ মাগুৰি বিলৰ পূৰ্ব অৱস্থা ঘূৰাই অনা আৰু বিশ্বৰ ভিতৰত জৈৱ বৈচিত্ৰ্যৰে চহকী নদীদ্বীপ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত অসম তথা বিশ্বৰ প্ৰতিজন পৰিৱেশকৰ্মী আৰু সচেতন লোকক অইল ইণ্ডিয়াৰ হঠকাৰী কাম-কাজৰ বিৰুদ্ধে থিয় হ'বলৈ আহ্বান জনায়। হাজৰিকাই কয় যে এফালে খহনীয়া আনফালে অইলৰ ধ্বংসাত্মক কাৰ্যকলাপে বাঘজানবাসীক ভয়-শংকাৰ মাজলৈ ঠেলি দিছে। 

বৰ্তমান ৱৰ্ক অভাৰ ৰিগ স্থাপন কৰা বাঘজান ১ নং খাদৰ পৰা খহনীয়া হৈ থকা ডাঙৰী নদীলৈ আকাশী দূৰত্বৰে মাত্ৰ এহেজাৰ মিটাৰমান হ'ব বুলি উল্লেখ কৰে। মনোজ হাজৰিকাই এই কথাও দোহাৰে যে যিহেতু অইল ইণ্ডিয়া লিমিটেড অসমৰ এটা জাতীয় উদ্যোগ, এই উদ্যোগটো ধ্বংস হৈ যোৱাটো তেওঁলোকে নিবিচাৰে। কাৰণ অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত অইলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু অইলৰ কাম-কাজে যদি বাঘজানৰ অধিবাসীসকলৰ স্বাৰ্থত আঘাত কৰে তেন্তে সেই কথা বাঘজানবাসীয়ে কোনোপধ্যেই মানি নলয়। পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী মাগুৰি বিলৰ স্থানীয় প্ৰজাতিৰ কেইবাবিধো মাছ নিঃশেষ হোৱাৰ অন্তৰালত মাগুৰি বিলৰ নিচেই কাষতে স্থাপিত টি বি কে খাদটো জগৰীয়া বুলি উল্লেখ কৰে। 

অন্যহাতে উক্ত খাদটোত খনন কাৰ্য চলাই থকা ফ'ৰছাইট ১০৩ ৰিগৰ পহৰাদাৰীয়ে বাঘজানৰ যুৱক ত্ৰিদীপ কিৰণ মৰাণক মূৰত মাৰি চিৰজীৱনলৈ ঘূণীয়া কৰে। ত্ৰিদীপ কিৰণৰ ভৱিষ্যৎ নিৰাপত্তাৰ হেতু আৰ্থিক ক্ষতিপূৰণ দিব লাগিব বুলি হাজৰিকাই অইলক দাবী কৰে।

No comments