Breaking News

গোলাঘাট জিলাত সাপ্তাহিক হাট-বজাৰ খোলাৰ অনুমতি

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ কেতবোৰ ঠাইত ক'ভিড ১৯ত আক্ৰান্তৰ হাৰ বৃদ্ধি পাই থকাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সাপ্তাহিক বজাৰ আৰু হাটসমূহ এবাৰত সৰ্বাধিক ৬ ঘণ্টাৰ বাবে খোলাৰ অনুমতি প্ৰদান কৰিছে।জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই সম্পৰ্কে নিৰ্দেশনা জাৰি কৰিছে । ১৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হৈছে । 

হাট-বজাৰসমূহত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। বজাৰৰ ভিতৰত মাস্ক পৰিধান কৰা আৰু সামাজিক ব্যৱধান মানি চলা আদি বিষয়সমূহ হাট বা বজাৰ সমিতি অথবা লেছিসকলে সুনিশ্চিত কৰিব।তেওঁলোকে সমগ্ৰ বজাৰ এলেকাত সকলো ক'ভিড বিধি মানি চলাটোও সুনিশ্চিত কৰিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ।

No comments