Breaking News

দেৰগাঁও আৰক্ষীৰ জালত বহুকেইজন মাটিৰ দালাল

কুমুদ বৰা,দেৰগাঁওঃ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই এতিয়া তৎপৰ হোৱা দেখা গৈছে দেৰগাঁও আৰক্ষী ।গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক মাধুৰ্য্য বৰুৱাৰ নেতৃত্বত দেৰগাঁও আৰক্ষীৰ এটা দলে সোমবাৰে নিশা অভিযান চলায় দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইজন মাটিৰ দালাল বুলি অভিযোগ থকা মুঠ ৬ জন লোকক আটক কৰে। 

উল্লেখযোগ্য যে,আৰক্ষীয়ে আটক কৰা আটাইকেইজন লোকেই মাটি বেচা কিনাৰ ক্ষেত্ৰত দালালী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।দেৰগাঁও আৰক্ষীৰ মাটিৰ দালালৰ ওপৰত যোৱা নিশাৰে পৰা চলোৱা অভিযান অব্যাহত আছে আৰু এনে বহুসংখ্যক দালালক আজিৰ দিনটোত ধৰিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিছে।

এইক্ষেত্ৰত আটছা, ছাত্ৰ মুক্তি সংগাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দালাল ৰাজ উৎখাতৰ ক্ষেত্ৰত চৰকাৰে লোৱা ভূমিকাক শলাগ লয়।

No comments