Breaking News

টীয়কত সামাজিক সংস্থা 'একাঁজলি সহায়'ৰ মানৱ দৰদী কাৰ্যসূচী

অজয় দত্ত,টীয়কঃ এজন অসমীয়া যুৱক।নাম তেওঁৰ দিগন্ত বৰা।টীয়কৰ কাকজান কমাৰ খাতোৱাল গাঁৱৰ এই যুৱকজন ছেগ্ৰিকালচাৰ ফাৰ্মত চিকিউৰিটি গাৰ্ডৰ চাকৰিত নিয়োজিত আছিল।কিন্তু বিধিৰ লিখন খণ্ডাব কোনে ? বাক্যশাৰী যেন সঁচা প্ৰমাণিত হ'ল দিগন্ত বৰাৰ ক্ষেত্ৰত।১০ বছৰমানৰ আগতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ ফলত তেওঁৰ এটা ভৰি প্ৰায় বিকল হোৱাৰ দৰে হ'ল। যুৱকজনৰ জীৱিকাৰ প্ৰধান সম্বল হিচাপে থকা চাকৰিটোও হেৰুৱাব লগা হয়। অনাকাংক্ষিত ঘটনাটোৰ বাবে দিগন্ত বৰাৰ আশাবোৰ যেন ধূলিস্যাৎ হৈ গ'ল। কিন্তু দিগন্ত বৰা ভাগৰি নপৰি জীৱন-জীৱিকাৰ তাড়নাত সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰিলে।তেতিয়াৰে পৰা যুৱকজনে যোৱা দহ বছৰ ধৰি নাপিতৰ কাম কৰি স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

তেওঁ নিজৰ লগতে নিজৰ ঘৰখনৰো ভৰণ-পোষণৰ দায়িত্ব হাতত লৈছে। সোমবাৰে সামাজিক সংস্থা 'একাঁজলি সহায়ে' দিগন্ত বৰাক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দশ্যে এটা অত্যাধুনিক চুলি কটাৰ মেচিন প্ৰদান কৰে।দিগন্ত বৰাই নাপিতৰ কাম কৰি আত্মনিৰ্ভৰশীল হোৱাৰ যি স্বপ্ন দেখিছে তেওঁৰ এই যাত্ৰা সঁচাকৈ প্ৰশংসনীয়।দিগন্ত বৰাৰ দৰে অসমৰ যুৱসমাজ আগবাঢ়ি আহিলেহে অসমত কৰ্ম-আন্দোলন গঢ় লৈ উঠিব।নতুন অসমৰ স্বপ্নটোৱেও তেতিয়াহে সাকাৰ ৰূপ পাব।

কৰ্মৰ জড়িয়তে তেওঁ নিজৰ সপোন পূৰণ কৰিবলৈ যত্ন কৰিছে।এতিয়া কেৱল তেওঁক প্ৰয়োজন  আপোনাৰ-মোৰ অলপমান আশীৰ্বাদ আৰু আৰ্থিক সহায়ৰ।দিগন্ত বৰালৈয়ো  আমাৰ অলেখ অযুত শুভকামনা ।তেওঁ জীৱন-জীৱিকাৰ এই সংগ্ৰামখনত সফল হওঁক।

No comments