Breaking News

গোলাঘাটত এটা .৩২ পিষ্টলসহ এজন যুৱকক আটক

ডিজিটেল ডেস্কঃ গোলাঘাটত উদ্ধাৰ এটা .32 পিষ্টল। বিকি নাথ নামৰ এজন যুৱকৰ হাতৰ পৰা উদ্ধাৰ .32 পিষ্টলসহ এটা সজীৱ গুলি। ৰঙাজানৰ পৰা গোলাঘাটৰ দিশে আহি  থকা অৱস্থাত এৰেঙাপাৰাত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পিষ্টলসহ বিকি নাথক  হাতেলুটে গ্ৰেপ্তাৰ কৰে। যুৱকজনে ক'ৰ পৰা কি উদ্দেশ্যে পিষ্টলটো সৰবৰাহ কৰিছিল,সেই বিষয়ে এতিয়াও পোহৰলৈ অহা নাই। ধৃত বিকি নাথৰ ঘৰ দেৰগাঁৱৰ নাৰিকলগুৰিত বুলি জানিব পৰা গৈছে।

No comments