Breaking News

চণ্ডিকা বল্লভ গোস্বামী সোঁৱৰণি তোৰণ উন্মোচন

ডিজিটেল সংবাদ,বৰপথাৰঃ আজি কাৰ্বি-আংলঙৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপনৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা প্ৰতিষ্ঠাপক সভাপতি চণ্ডিকা বল্লভ গোস্বামীৰ সোঁৱৰণী বিদ্যালয় তোৰণ উন্মোচন কৰা হয়। তোৰণখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰথিতযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে। উক্ত তোৰণখনি নিৰ্মাণত সহযোগিতা আগবঢ়ায় প্ৰতিষ্ঠাপক সভাপতি চণ্ডিকা বল্লভ গোস্বামীৰ সহধৰ্মিনী ইন্দুবালা গোস্বামী আৰু পুত্ৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে। সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিদ্যালয় সংগীত পৰিৱেশন কৰা হয়। বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অনিমা নেওগে উদ্দেশ্যবাখ্যা আগবঢ়োৱা তোৰণ উন্মোচনী সভাখনিত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ তথা স্থানীয় বিধায়ক ডাঃ নোমল মমিন। 

উক্ত সভাত তোৰণ উন্মোচক পদ্মশ্রী ৰংবং তেৰাং, মুখ্য অতিথি ডাঃ নোমল মমিন, তোৰণ নিৰ্মাণ শিল্পী অনন্ত দাস আৰু দাতা অপূর্ব বল্লভ গোস্বামীক বিদ্যালয় তৰফৰ পৰা শৰাই, চেলেং,গামোচা, প্ৰশস্তি পত্র প্ৰদানেৰে বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি চুচেন শ্যামে পৰিচালনা কৰা আৰু বিশিষ্ট কবি পাপৰি শইকীয়া বৰাই আঁত ধৰা সভাখনিত তোৰণ উন্মোচক হিচাপে উপস্থিত থকা প্ৰতিথযশা সাহিত্যিক, ৰংমিলিৰ হাঁহি স্ৰষ্টা ৰংবং তেৰাঙৰ মনোগ্ৰাহী বক্তব্যই সভাৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰে।

সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি স্থানীয় বিধায়ক ডাঃ মমিনে নিজৰ ভাষণ প্ৰদান কৰে। উদযাপন সমিতিৰ সভাপতি মুকুট মহন্তই সভাপতিৰ ভাষণ প্ৰদান কৰা সভাখনত তোৰণৰ দাতা পৰিয়ালবৰ্গৰ হৈ বক্তব্য প্ৰদান কৰে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তথা চণ্ডিকা বল্লভ গোস্বামীৰ ভাতৃ অম্বিকা বল্লভ গোস্বামীয়ে। সভাত শিক্ষাবিদ ড০ লুকুমনি গোস্বামী আৰু  বিশিষ্ট সাংবাদিক সঞ্জু বৰাই বক্তব্য আগবঢ়ায়।

সভাত দাতাৰ পৰিয়ালবৰ্গৰ লগতে প্ৰাক্তন প্ৰধান শিক্ষক যাদৱ বৰুৱা, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ৰীণা দত্ত, কাঠকটীয়া গাঁৱৰ গাঁওবুঢ়া পূৰ্ণকান্ত বৰা, কাৰ্বি-আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সদস্য ইন্দ্ৰকান্ত হৰপাল, বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ যুটীয়া সম্পাদক ৰাজু অধিকাৰী, শিক্ষাবিদ বীৰেন দত্ত,অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ বৰা, বিশিষ্ট সাংবাদিক দেৱজিত বৰা, শিক্ষক কিপেশ নেওগ, সুলভ হৰপাল, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মণিষ দাস, আদিৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰী আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

No comments