Breaking News

অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত সাংসদ গৌৰৱ গগৈ

মাধুৰ্য কোঁৱৰ,বৰপথাৰঃমঙলবাৰে অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট অঞ্চলৰ কেইবাটাও পঞ্চায়ত পৰিভ্ৰমণ কৰিলে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ সীমান্ত অঞ্চলত বসবাস কৰা সৰ্বসাধাৰণ ৰাইজে কি ধৰণে চলিছে, ক'ৰনা কালত তেওঁলোকে কেনেধৰণৰ সা-সুবিধা লাভ কৰিলে তথা খৰাং পৰিস্থিতি সন্দৰ্ভত বুজ লয়। তেওঁ উৰিয়ামঘাটৰ ফুলবাৰী ৰঙ্গমঞ্চত এখনি দলীয় সভাতো ভাগ লয়। সভাত তেওঁ বৰ্তমানৰ বিজেপি চৰকাৰখনক কটু সমালোচনা কৰি কয় যে, বিজেপি চৰকাৰখনে দুখীয়া ৰাইজক সা-সুবিধা প্ৰদান কৰাত ব্যৰ্থ হৈছে। 

অত্যাৱশ্যকীয় সামগ্ৰীৰ দৈনিক মূল্য বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে।  উন্নয়নৰ নামত সকলো ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডক বিক্ৰী কৰি উদং কৰিছে। কংগ্ৰেছ দলে দি থৈ যোৱা কাম সমূহকে কৰি শেষ কৰিব পৰা নাই। নিজা ববীয়াকৈ বিজেপি দলে আজিলৈকে একোৱেই কৰিব পৰা নাই বুলি সাংসদ গৰাকীয়ে ব্যক্ত কৰে। আনহাতে, অলিম্পিক পদক বিজয়ী অসম কন্যা লাভলীনাৰ বক্সিং গ্লোবচ নীলাম সন্দৰ্ভতো সাংসদ গৰাকীয়ে গৰিহনা দিয়ে।

No comments