Breaking News

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজন কৰা অমৃত মহোৎসৱত অসম ৰাইফলচৰ চাইকেল ৰেলী

মাধুৰ্য কোঁৱৰ,ধনশিৰিঃ স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ বাবে অসম ৰাইফলচে অমৃত মহোৎসৱৰ আয়োজন কৰে। তেওঁলোকে এই অমৃত মহোৎসৱ উপলক্ষে ৭৫ জনীয়া জোৱানক লৈ এক চাইকেল ৰেলী বাহিৰ কৰে। ডিমাপুৰ চহৰৰ পৰা সুদীৰ্ঘ বাট অতিক্ৰম কৰি এই চাইকেল ৰেলী সৰুপথাৰত সমাপ্ত কৰে। অসম ৰাইফলচে সৰুপথাৰ নগৰৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত এখনি সভাৰো আয়োজন কৰে। এই সভাতে তেওঁলোকে বীৰ শ্বহীদ কুশল কোঁৱৰক স্মৰণ কৰি তেওঁৰ পৰিয়াল বৰ্গক সম্বৰ্ধনা জনায় আৰু এজন অসম ৰাইফলচৰ প্ৰাক্তন সৈনিক তথা বিশেষভাৱে সক্ষম জোৱানক এখনি হুইল চেয়াৰ প্ৰদান কৰে। 

লগতে সকলো ভাৰতীয় নাগৰিকৰ সু-স্বাস্থ্যৰ কামনা কৰে আৰু দেশৰ বাবে শ্বহীদ হোৱা অতীতৰ সকলো শ্বহীদক মনত ৰাখি তেওঁলোকৰ বিষয়ে নৱ-প্ৰজন্মৰ আগত পৰিচয় কৰাই দিয়াৰ বাবে সকলো ৰাইজকে আহ্বান জনায়। তেওঁলোকৰ এই অনুষ্ঠানটিত অসম ৰাইফলচৰ ডি আই জি, কৰ্ণেলসহ তেওঁলোকৰ জোৱানসকলৰ লগতে সৰুপথাৰ অঞ্চলৰ বহু সংখ্যক অৱসৰপ্ৰাপ্ত সেনা জোৱান উপস্থিত থাকে।

No comments