Breaking News

বৈদিক প্ৰথাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিলে ২,৪৭৯ গঁড়ৰ খৰ্গৰ দাহন


অজন্তা তালুকদাৰ, বোকাখাতঃবিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ ২২ ছেপ্তেম্বৰত এক ঐতিহাসিক অভিলেখ সৃষ্টিকাৰী ক্ষণত বোকাখাত ৰাজহুৱা খেলপথাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দাহন কৰে চৰকাৰীভাৱে অসমৰ বিভিন্ন স্থানত সংৰক্ষণ কৰি ৰখা ২,৪৭৯ টা গঁড়ৰ খৰ্গ। উল্লেখ্য যে সমাজত গঁড়ৰ খৰ্গক লৈ প্ৰচলিত বিভিন্ন অন্ধবিশ্বাসৰ সুযোগ লৈ দুৰ্বৃত্তই অসমৰ বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ কৰাৰ হেতু বন্য প্ৰজাতিটো লুপ্তপ্ৰায় অৱস্থাৰ সন্মুখীন হৈছেহি। বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰবৰ্তন হোৱা কঠোৰ আইন তথা চৰকাৰ, বন বিভাগৰ প্ৰচেষ্টা স্বত্তেও চোৰাং চিকাৰীৰ হাতৰ পৰা গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণ চৰকাৰ আৰু প্ৰকৃতিপ্ৰেমীৰ বাবে প্ৰত্যাহ্বান স্বৰূপ। সেয়েহে "বিশ্ব গঁড় দিৱস"ৰ লগত সংগতি ৰাখি বোকাখাত ৰাজহুৱা খেলপথাৰত ২২ ছেপ্তেম্বৰত দাহন কৰা হ’ল চৰকাৰীভাৱে ৰাজ্যৰ বিভিন্ন কোষাগাৰত সংৰক্ষণ কৰি ৰখা ২,৪৭৯ টা গঁড়ৰ খৰ্গ ৷


উল্লেখযোগ্য যে এনে ৰাজহুৱা বৃহৎ সংখ্যক খৰ্গদাহন বিশ্বত এয়া সৰ্বপ্ৰথম ৷ এই দাহন কৰিবৰ বাবে বোকাখাত ৰাজহুৱা খেল পথাৰত বিশেষভাৱে নিৰ্মিত ৬ টাকৈ গেছ চালিত চৌকাত আজি সমূহ সংৰক্ষিত খৰ্গৰ দাহন কৰা হয়। অৱশ্যে মুঠ সংগ্ৰহিত খৰ্গৰে বিশেষ আকাৰ প্ৰকাৰৰ বাবে ৯৪ টা আৰু আদালতত চলি থকা গোচৰ সমূহৰ নিষ্পত্তিৰ সহায়ৰ বাবে ২৯ টা খৰ্গ সংৰক্ষণ কৰি ৰখা হ'ব বুলি জানিব পৰা গৈছে। ইয়াৰে আটাইতকৈ দীঘল খৰ্গটো কামৰূপ কোষাগাৰৰ আৰু আটাইতকৈ গধুৰ খৰ্গটো নগাঁৱৰ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত উল্লেখ কৰে যে মৃত গঁড়ৰ খৰ্গ মূল্যৱান নহয়; জীৱন্ত গড়টোহে মূল্যৱান। খৰ্গটোৱে শোভাবৰ্দ্ধন কৰে জীৱন্ত গঁড়টোৰ শৰীৰতহে। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজহুৱাকৈ এনেদৰে দাহন কৰাৰ কাৰণ বিশ্লেষণ কৰি কয় যে ইয়াৰ দ্বাৰা বিশ্বৰ জনসাধাৰণলৈ বাৰ্তা দিব বিচৰা হৈছে যে গঁড়ৰ খৰ্গৰ কোনো মূল্য নাই, ইয়াৰ বিজ্ঞানসন্মত উপযোগিতা নাই, কোনো দৰবত ইয়াক ব্যৱহাৰৰ যুক্তিযুক্ততাও নাই ৷ লগতে মুখ্যমন্ত্ৰীয়ে গঁড়ৰ খৰ্গৰ ঔষধী গুণ থকা জনবিশ্বাসক ভুল আৰু অন্ধবিশ্বাস বুলি অভিহিত কৰি কয় যে বন্যপ্ৰাণীৰ শৰীৰৰ অংগ প্ৰত্যংগ কিনা বেচাক ৰাষ্ট্ৰসংঘ তথা বিশ্বই আটাইতকৈ বেয়া কাম হিচাপে স্বীকৃতি দিছে। ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ লগতে দেশৰ আইনেও চৰকাৰ হওক বা ব্যক্তিয়েই হওক মৃত জীৱ জন্তুৰ শৰীৰৰ অংগ প্ৰত্যংগ কিনা বেচাক অনুমতি দিয়া নাই। মানুহে কেৱল ভুল ধাৰণাৰ বশবৰ্ত্তী হৈ গঁড় হত্যা কৰে। কেৱল অন্ধবিশ্বাসৰ বাবেই গঁড়ৰ খৰ্গৰ এখন আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰ চলি আছে ৷

নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে সগৌৰৱে ঘোষণা কৰে যে বিশ্বৰ আটাইতকৈ দীঘল আৰু ৩.৫ কিলোগ্ৰাম ওজনৰ আটাইতকৈ গধুৰ খৰ্গটো আমাৰ মাজত আছে। লগতে চোৰাং চিকাৰীৰ প্ৰতি কঠোৰ উক্তি কৰি কয় যে কোনো চোৰাং চিকাৰী বাচি যাব নোৱাৰিব। লগতে তেওঁ আৰু কয় যে ভৱিষ্যতেও বাৰ্দ্ধক্যজনীত বা আন কাৰণত মৃত্যু হোৱা গঁড়ৰ খৰ্গ এনেদৰে প্ৰতিবছৰে দাহন কৰা হ'ব। 

কভিড প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কভিডৰ পৰা আঁতৰি কাজিৰঙাক স্বাভাৱিক কৰি মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰে। কেৱল দুটা ভেক্সিন লোৱাৰ কথাতহে গুৰুত্ব আৰোপ কৰে।অসম সংগীতেৰে আৰম্ভ হোৱা খৰ্গ দাহন অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ কৃষি, পশু পালন আদি বিভাগৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই কয় যে বিশ্বৰ ৭১.১০ শতাংশ গঁড় অসমতে আছে। আৰু কাজিৰঙাৰ বন্যজীৱৰ সুৰক্ষাৰ বাবে কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলৰ লোকে আগবঢ়োৱা সহযোগিতাৰ বাবে দাঁতিকাষৰীয়া লোকলৈ চেল্যুট জনায় মন্ত্ৰী অতুল বৰাই। 


আনহাতে অসম চৰকাৰৰ বন আৰু পৰিৱেশ আদিৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজৰ বক্তব্যত উল্লেখ কৰে যে দুই অভয়াৰণ্য ক্ৰমে ওৰাং আৰু মানস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সংগ্ৰহ হয় স্বাভাবিক দুৰ্ঘটনা, চোৰাং চিকাৰীৰ হাতত মৃত্যু হোৱা বহু খৰ্গ। আৰু স্থানীয় লোকৰ সহায় অবিহনে সেয়া সম্ভৱ নহ'ল হেতেন। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰি মন্ত্ৰী শুক্লবৈদ্যই আজিৰ ঘটনাক এক ঐতিহাসিক বিৰল ঘটনা হিচাপে উল্লেখ কৰি গঁড় হত্যাৰ চেষ্টা কৰা সকলক প্ৰত্যাহ্বান জনায়।

অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমৰ মুখ্য বন সংৰক্ষণ বিষয়া এম কে যাদৱে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বস্ত্ৰ তাঁত, জনজাতীয় উন্নয়ন আদি বিভাগৰ মন্ত্ৰী উৰ্খাও ব্ৰহ্ম, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাং, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ আৰু সংশ্লিষ্ট বিভাগৰ উৰ্দ্ধতম বিষয়াসকল আদি।

No comments